ETV Bharat / state

কোকৰাঝাৰত এবছুৰ 52 তম বাৰ্ষিক অধিৱেশন

author img

By

Published : Dec 22, 2019, 6:18 PM IST

কোকৰাঝাৰৰ সেৰফাংগুৰিত অনুষ্ঠিত হৈছে এবছুৰ 52 তম বাৰ্ষিক অধিৱেশন । অধিৱেশৰ পতাকা উত্তোলন কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ।

AABSU 52th Anual conference at Kokrajhar
কোকৰাঝাৰত এবছুৰ 52 তম বাৰ্ষিক অধিবেশন

কোকৰাঝাৰ,22 ডিচেম্বৰ: কোকৰাঝাৰৰ সেৰফাংগুৰিত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে এবছুৰ 52 তম বাৰ্ষিক অধিৱেশন । সেৰফাংগুৰি কণকেশ্বৰ নাৰ্জাৰী জাওৰিখং ফৌখাৰত অনুষ্ঠিত অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে দেওবাৰে পুৱাই পতাকা উত্তোলন কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ।

পতাকা উত্তোলন কৰাৰ পাছতে বড়ো জাতিৰ ভাষা, ভূমি, সাহিত্য-সংস্কৃতি জীয়াই থকাৰ বাবে সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবী অব্যাহত থাকিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । ইয়াৰ উপৰিও এবছুৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে যে, অসমৰ জনগোষ্ঠীয় ভাষা, সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰ বৃহৎ ভূমিকা আছে কিন্তু বৰ্তমান সময়ত চৰকাৰে অসমৰ খিলঞ্জীয়া জাতিৰ ভাষা, সংস্কৃতি সংৰক্ষণ তথা উন্নয়ন কৰাত সদায় হেমাহি কৰিছে । যাৰফলত অসম খনত নিজৰ অধিকাৰৰ বাবে খিলঞ্জীয়াই সংগ্ৰাম কৰিব লগা হৈছে । লগতে অসমৰ সমূহ জাতি জনগোষ্ঠীৰে সমানে উন্নয়ন হোৱাটো এবছুৱে আদৰণি জনাই বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ।

কোকৰাঝাৰত এবছুৰ 52 তম বাৰ্ষিক অধিবেশন

আনহাতে বৰ্তমান ৰাজ্যখনত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন ২০১৯, বিৰোধী প্ৰতিবাদ সম্পৰ্কতো নিজৰ স্থিতি স্পষ্ট কৰে সভাপতি গৰাকীয়ে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদলৈ এবছুৰ নৈতিক সমৰ্থন আছে আৰু সদায় ইয়াৰ বিৰোধ কৰি যাম বুলি মন্তব্য কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ।

Intro:আজিৰেপৰা কোকৰাঝাৰ সেৰফাংগুৰিত অবসুৰ 52 তম বাৰ্ষিক অধিবেশন।

সংগঠনৰ পতাকা উত্তোলন কৰি বড়োলেণ্ডৰ সংগ্ৰাম অব্যাহত ৰখাৰ হুংকাৰ অবছুৰ সভাপতি প্ৰমোদ বড়োৰ।

কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থা (অবছু) 52 বাৰ্ষিক অধিবেশন আজি দ্বিতীয় দিন।

Body:সেৰফাংগুৰি কণকেশ্বৰ নাৰ্জাৰী জাওৰিখং ফৌখাৰত অনুষ্টিত অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্যলসূচী অনুসূৰী পুৱাই পতাকা উত্তোলন কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োই। বড়ো জাতিৰ ভাষা, ভূমি, সংস্কৃতি জীয়াই থকাৰ বাবে সুকীয়া বড়ো ৰাইজ্য দাবী অব্যাহত থাকিব বুলি উল্লেখ কৰে। অসমৰ জনগোষ্টীয় ভাষা, সংস্কৃতি জীয়াই ৰখাটো চৰকাৰ বৃহৎ ভূমিকা আছে কিন্তু চৰকাৰে অসমৰ খিলঞ্জীয়া জাতিৰ ভাষা,সাংস্কৃতি সংৰক্ষণ উন্নয়ন কৰাত সদায় হেমাহী কৰি আহিছে জাৰফলত অসম খনৰ খিলঞ্জীয়ায়ে সংগ্ৰাম কৰিবলগা হৈছে। অসমৰ সমূহ জাতি জনগোষ্ঠীয়ে সমানে উন্নয়ন হোৱাটো এবছুই আদৰণি জনাই বুলি উল্লেখ কৰে।

Conclusion:সমগ্ৰ দেশত "কা" বিৰুদ্ধে আণ্ডালনত প্ৰথম পৰাই অবছুই নৈতিক ভাবে সমৰ্থন জনাই আহিছে আৰু 'কা' প্ৰতি বিৰোধ কৰিজাম বুলি জনাই অবছুৰ সভাপতি প্ৰমোদ বড়োই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.