কোকৰাঝাৰ, ২৫ ফেব্ৰুৱাৰী : কোকৰাঝাৰ সদৰ চহৰৰ পৰা ৩০ কিলোমিটাৰ দূৰৈৰ পাটগাঁৱৰ সৰলভাঙা নৈৰ পাৰৰ ৰাণী খালাইশ্ৰী পথাৰত যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশন (62nd Bodo Sahitya Sabha conference 2023) ৷ অধিবেশনৰ তৃতীয় দিনা অৰ্থাৎ শনিবাৰে পুৱা সংগঠনৰ পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে ৷ পতাকা উত্তোলনেৰে অধিবেশনৰ তৃতীয় দিনাৰ কাৰ্যসূচীৰ শুভৰাম্ভ কৰা হয় (Boro Sahitya Sabha) ৷ পতাকা উত্তোলনৰ পাছতে স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেৱীকৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে বড়ো সাহিত্য সভাপতি গৰাকীয়ে ৷

পৰৱৰ্তী সময়ত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বড়ো সাহিত্য সভাৰ উপসভানেত্ৰী ৰমেলা ইছলাৰীয়ে আৰু তেওঁৰ সমান্তৰালকৈ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভাপতি তৰেণ বড়োৱে ৷ এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়েও শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পাছত বড়ো সাহিত্য সভাৰ প্ৰয়াত কৰ্মী সাহিত্যিক সকলোৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভাৰ উপসভাপতি সীতানাথ বসুমতাৰীয়ে ৷

ইপিনে বড়ো সাহিত্য সভাৰ অধিৱেশনৰ পতাকা উত্তোলন কৰি সভাপতি তৰেণ বড়োৱে জানিবলৈ দিয়ে যে বড়ো ভাষাক নতুন চিন্তাচৰ্চাৰে কেনেকৈ আগবঢ়াই নিব পাৰি সেই সন্দৰ্ভত সাহিত্য সভাই তথ্য প্ৰযুক্তিৰ সহায়ত ইতিমধ্যেই কাম আৰম্ভ কৰিছে ৷ নতুন প্ৰজন্মক বড়ো ভাষাক আদৰি লবলৈ গুগুল এপত বড়ো ভাষাৰ অনুবাদকে ধৰি ই- লাৰ্নিং, ই ইডুকেশ্যনৰ ওপৰত প্ৰাধান্য দিয়া হ’ব বুলি কয় তৰেণ বড়োৱে ৷

আনহাতে এবছুৰ সভাপতি দ্বীপেন বড়োৱে বড়ো ভাষা মাধ্যমে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি মত ব্যক্ত কৰি এই প্ৰত্যাহ্বানক কেনেকৈ সমাধান কৰা হ’ব তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ কেইবাখনো জিলাত বড়ো মাধ্যমৰ বিদ্যালয় মৃত্যু মূখী হোৱা আৰু বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি অহা ইত্যাদি বিভিন্ন সমস্যাৰ বিষয়ত অধিবেশনত আলোচনা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, অধিবেশনৰ তৃতীয় দিনা (Conference of the Boro Sahitya Sabha) বহিৰাষ্ট্ৰ বাংলাদেশ আৰু নেপালৰ উপৰিও দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ প্ৰতিনিধি, সাহিত্যিক, বুদ্ধিজীৱী আৰু বড়ো জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিৰ সমাগমৰে উথপথপ হৈ পৰে সৰলভাঙা নৈৰ পাৰৰ ৰাণী খালইশ্ৰী পথাৰ ৷
লগতে পঢ়ক : Bhaona performance in Majuli: ভাওনা উপভোগ কৰি আপ্লুত ফ্ৰান্সৰ পৰ্যটক