কোকৰাঝাৰ, ১৫ অক্টোবৰ : আইপিএলৰ নামত দৈনিক লাখ-লাখ টকাৰ অবাধ জুৱা চলিছে ওদালগুৰি চহৰত ৷ বুধবাৰে নিশা আৰক্ষীয়ে ওদালগুৰি চহৰত অভিযান চলাই চহৰৰ মণিপুৰী বস্তিত আইপিএলৰ নামত যোৱা চলা জুৱা খেলৰ ঘাটি উৎখাত কৰাৰ লগতে ৬ জনকৈ যুৱক আটক কৰিবলৈ সক্ষম হয় ৷ ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োৰ নেতৃত্বত চলোৱা অভিযানত জুৱা খেল নিয়ন্ত্ৰণ কৰা মূল ব্যক্তি মুন্না ওৰফে পলাশ বৈশ্য নামৰ যুৱক জনৰ ঘৰত অভিযান চলাই আটক কৰে ৷
লগতে অভিযানৰ সময়ত মুন্নাৰ ঘৰৰ পৰা আন ৫ জন যুৱককো আটক কৰে আৰক্ষীয়ে ৷ উক্ত অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় জুৱাৰ হিচাপৰ বহী, লেপটপ আৰু নগদ ধন ৷
লগতে পঢ়ক: বি টি আৰ দখল কৰাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ