ETV Bharat / state

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

বিশ্ব গঁড় দিৱসৰ দিনটোতে বিটিআৰ চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰে ৫৭ জন চোৰাং চিকাৰীয়ে ৷ চোৰাং চিকাৰী কেইজনক আৰ্থিক সমৰ্থন আগবঢ়াবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । আনকি নিযুক্তিৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিয়াৰ বাবে ব্যৱস্থা লৈছে বিটিআৰ চৰকাৰে ।

Raimona National Park
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত ৫৭ টা চোৰাং চিকাৰীৰ আত্মসমৰ্পণ
author img

By

Published : Sep 23, 2021, 12:54 PM IST

Updated : Sep 23, 2021, 4:56 PM IST

নেশ্যনেল ডেস্ক, ২৩ ছেপ্টেম্বৰ: বিশ্ব গঁড় দিৱসৰ (World Rhino Day) দিনটোতে আত্মসমৰ্পণ ৫৭ গৰাকী চোৰাং চিকাৰীৰ । ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ চোৰাং চিকাৰীসকলে বুধবাৰে বড়োলেণ্ড চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰে । ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এখন গাঁৱত অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰে চোৰাং চিকাৰী কেইটাই ।

Raimona National Park
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

আত্মসমৰ্পণ কৰা প্ৰতিজন চোৰাং চিকাৰীকে ৫০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে বিটিআৰ চৰকাৰে (BTR Govt) । বিত্তীয় সমৰ্থনৰ বাবে চৰকাৰে চোৰাং চিকাৰীসকলক এই সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে (Pramod Bodo) । প্ৰমোদ বড়োৰ মতে, ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পাছৰে পৰা চোৰাং চিকাৰীসকলে চিকাৰ কৰিবলৈ এৰিছে ৷

যাৰ বাবে তেওঁলোকে এনেদৰে আত্মসমৰ্পণ কৰিছে । তেওঁলোকৰ পদক্ষেপক সন্মান জনোৱাৰ উদ্দেশ্যে আৰু জীৱিকা সুৰক্ষিত কৰাৰ বাবে চৰকাৰে বিশেষ পৰিকল্পনা কৰিছে । বড়োৰ মতে নতুন ব্যৱসায় স্থাপনৰ বাবে তেওঁলোকক ১.২০ লাখ টকা প্ৰদানৰো এক পৰিকল্পনা কৰিছে বিটিআৰ চৰকাৰে ।

Raimona National Park
৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

চোৰাং চিকাৰীসকলক নিযুক্তি প্ৰদানৰ বাবে অঞ্চলটোত দুটা হস্ততাঁত কাৰখানা স্থাপন কৰা কথাও ঘোষণা কৰে প্ৰমোদ বড়োৱে ৷ উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ ৰাইমনাক এই বছৰ বিশ্ব পৰিৱেশ দিৱসত (World Environment Day) অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক : G4 আৰু G20 বৈঠকত ভাগ ল'ব দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে

Last Updated : Sep 23, 2021, 4:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.