ETV Bharat / state

Miscreants attack businessman in kokrajhar: প্ৰাক্তন KLO সদস্যসহ দুজনক আটক - Businessman injured in Kokrajhar

কোকৰাঝাৰত শুকুৰবাৰে নিশা দুষ্কৃতিকাৰীৰ আক্ৰমণৰ গুৰুতৰভাৱে আহত হয় এজন ব্যৱসায়ী(Miscreants attack businessman in kokrajhar) ৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অভিযান চলাই নিশাৰ ভিতৰত 5 অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ইয়াৰে তিনিটা প্ৰাক্তন 3 জন কে এল অ' সদস্য বুলি জানিব পৰা হৈছে(3 KLO members and 2 other people arrested) ৷

Five including three former KLO arresred
প্ৰাক্তন কে এল অ' সদস্যসহ দুজনক আটক
author img

By

Published : Jun 12, 2022, 12:06 PM IST

কোকৰাঝাৰ, 12 জুন : কোকৰাঝাৰৰ ছালাকাটিত শুকুৰবাৰে নিশা ব্যৱসায়ীক আক্ৰমণ আৰু ধন লুট কৰা ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে 5 জন লোকক আটক কৰিছে ৷ ইয়াৰে 3টা কে এল অ' সদস্য বুলি জানিব পৰা হৈছে ৷ কোকৰাঝাৰ জিলা আৰক্ষীয়ে আটক কৰে লোককেইজনক(3 KLO members and 2 other people arrested) ৷ আটকাধীন প্ৰাক্তন সদস্যকেইজন ক্ৰমে চান্দিয়াগাঁৱৰ গৌতম ৰায় (28), নয়াচাৰাৰ ৰমানাথ বৰ্মন ওৰফে ভীম(38), লালটাৰীৰ হিৰক বৰ্মন ওৰফে সাগৰ (32), বালাগাঁৱৰ খীৰেন ৰায় (27) আৰু সুনীৰাম ৰায় (25) বুলি জানিব পৰা হৈছে ৷

উল্লেখ্য যে শুকুৰবাৰে নিশা 8.30 মান বজাত 6 জনীয়া এটা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ দলে ছালাকাটিস্থিত ব্যৱসায়ী বিকাশ জৈনৰ দোকানত প্ৰৱেশ কৰি ধন দাবী কৰে(Miscreants demand money) ৷ ব্যৱসায়ীজনে দাবী কৰা ধন দিব নোৱাৰিম বুলি কোৱাত দুষ্কৃতিকাৰীৰ দলটোৱে ব্যৱসায়ীজনক পিষ্টলেৰে আঘাত কৰাৰ লগতে দোকানখনৰ কৰ্মচাৰী কৃষ্ণ বৰ্মনকো আক্ৰমণ কৰে(Miscreants attack businessman with Pistol) ৷ ইয়াৰোপৰি দুষ্কৃতিকাৰীৰ দলটোৱে দোকানৰ কেছ বক্সৰ পৰা প্ৰায় 15,000 হাজাৰ টকা লুট কৰি নিয়ে ৷ দলটোৱে দোকানৰ চিচিটিভি কেমেৰা আৰু এটা টিভিও ভাঙি থৈ যায় ৷

5 KLO member
প্ৰাক্তন কে এল অ' সদস্যসহ দুজনক আটক

এই ঘটনা সংঘটিত হোৱাৰ সময়ত দুষ্কৃতিকাৰীৰ দলটোৱে মাস্ক আৰু হেলমেট পিন্ধি আছিল বুলি ব্যৱসায়ীগৰাকীয়ে আৰক্ষীক সদৰি কৰিছিল ৷ দুষ্কৃতিকাৰীসকলে নিজকে কে এল অ'ৰ সদস্য বুলি চিনাকী দিয়া বুলিও ভুক্তভোগী ব্যৱসায়ীজনে আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল ৷

এই ঘটনাৰ পিছতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত বৃহৎ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুষ্কৃতিকাৰীক বিচাৰি ব্যাপক অভিযান আৰম্ভ কৰিছিল ৷ এই অভিযানত আৰক্ষীয়ে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা তিনি প্ৰাক্তন কে এল অ' সদস্যসহ 5 জনক আটক কৰে ৷ সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাৰ জিম্মাত থকা আটকাধীন পাঁচ অভিযুক্তকে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

লগতে চাওক : কোকৰাঝাৰত পুনৰ ব্যৱসায়ীক আক্ৰমণ দুষ্কৃতিকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.