কোকৰাঝাৰ,05 এপ্ৰিলঃ মূলসূতিলৈ উভতি অহা এন ডি এফ বি সদস্যৰ সক্ৰিয় ৰাজনীতিত যোগদান ৷ বি বিদায় গোটৰ ম্যানমাৰত প্ৰশিক্ষিত এন ডি এফ বি ( এচ)ৰ আত্মসমৰ্পনকাৰী সদস্য কেইজনে কোকৰাঝাৰৰ কেন্দ্ৰীয় বি পি এফৰ কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা বি পি এফ দলত যোগদান কৰে ৷
আত্মসমৰ্পনকাৰী চাৰিজন এন ডি এফ বি সদস্য পূৰ্ণিমা ইছলাৰী,দিপিখা মূছাহাৰী, বিৰ্খাং বসুমতাৰী, দৈমু ব্ৰহ্মাই বি পি এফত যোগদান কৰে ৷ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিপিএফৰ জিলা সাধাৰণ সম্পাদক দেৰহাছাৎ বসুমতাৰীৰ উপস্থিতিত সদস্যকেইজনে যোগদান কৰে ৷ আত্মসমৰ্পনকাৰী সদস্যকেইজনে দলটোত যোগদান কৰি সমাজৰ বাবে কাম কৰিবলৈ আগবাঢ়ি অহাৰ বাবে সদস্যকেইজনলৈ ধন্যবাদ জ্ঞাপন কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷