কোকৰাঝাৰ, 21 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা । জিলাখনত মঙলবাৰে পুনৰ 19 গৰাকী লোকৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ধৰা পৰে ৷ নতুনকৈ আক্ৰান্ত হোৱা 19 গৰাকী লোকৰ সৈতে জিলাখনত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 98 জনলৈ বৃদ্ধি পাইছে ৷
উল্লেখ্য যে, মঙলবাৰে জিলাখনত মুঠ ১৩২৫ গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় ৷ ইয়াৰ ভিতৰত 19 গৰাকী লোকৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ জিলাখনত সক্ৰিয়ভাৱে আক্ৰান্ত ৯৮ গৰাকীৰ ভিতৰত ১১ গৰাকী স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৮৩ গৰাকীক হোম আইচ’লেচনত ৰখা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি আক্ৰান্ত সকলৰ 4 গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ জিলাখনত দ্ৰুতগতিত বৃদ্ধি পোৱা কৰ’ণাৰ সংক্ৰমণৰ ঘটনাই জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক : বৰপেটা অসামৰিক চিকিৎসালয়ত ৯ গৰাকী ক’ভিড ৰোগী চিনাক্ত