কোকৰাঝাৰ, 6 মে' : 2003 চনৰ পৰা 2020 চনৰ 27 এপ্ৰিললৈ সোতৰ বছৰ কাল বিটিএডিৰ শাসনত থকা হাগ্ৰামা মহিলাৰীয়ে বড়ো ভূমিক দিলে কি ! পুনৰ এটা নিৰ্বাচনত ভোট দিয়াৰ বাবে সাজু হোৱাৰ আগ মূহুৰ্তত বড়োলেণ্ডৰ প্ৰতিজন সচেতন নাগৰিকে উভটি চাইছে হাগ্ৰামা মহিলাৰীৰ সোতৰ বছৰীয়া শাসক । কৰি চাইছে পোৱা নোপোৱাৰ হিচাব । বি টি এ ডি শান্তি চুক্তিৰ মূল উদ্দেশ্য আছিল সেই ভৌগলিক খণ্ডত বড়ো আৰু অন্যান্য জাতি-জনগোষ্ঠীৰ অৰ্থনৈতিক, শৈক্ষিক আৰু ভাষিক-সাংস্কৃতিক বিকাশৰ ধাৰা সুনিশ্চিত কৰা । সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বাক্ষৰিত এই চুক্তিৰ ৰূপায়ণ পৰ্বত বিশেষ ভাবে অগ্ৰাধিকাৰ দিয়া হৈছিল নিবনুৱাৰ সংস্থাপন আৰু তাৰ বাবে প্ৰকল্প ৰূপায়ণৰ উদ্দেশ্যে প্ৰথম পাঁচ বছৰত পাঁচশ কোটি টকা ধাৰ্য কৰা হৈছিল । কিন্তু 2008 চনত দেশৰ প্ৰধানমন্ত্ৰীয়ে বিশেষ পেকেজৰ ঘোষণাৰে এই পূঁজিৰ পৰিমান 250 কোটিকৈ বৃদ্ধি কৰে ।
মনকৰিবলগীয়া যে সেই সময়তে বি টি এ ডি ত 63 টা অভিলাষী প্ৰকল্পৰ কাম হাতত লোৱা হৈছিল যদিও তাৰ ফলাফল মুঠেই আশাব্যঞ্জক নহ'ল বুলি অভিযোগ উঠি আহিছে । আনহাতে, 2003 চনৰ পৰা এতিয়ালৈকে ধাৰাবাহিকভাবে নিৰ্বাচন জিকি সোতৰ বছৰ শাসনত থকা বি টি এ ডি মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিগত সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়নকে মুখ্য কৰি প্ৰায় প্ৰতিটো মন্ত্ৰালয়ৰ পৰা বিভিন্ন শিতানত পুঁজি আহৰণ কৰি আহিছিল । বি টি এ ডি ৰ প্ৰধান বিৰোধী দল ইউনাইটেড পিপ'লছ পাৰ্টি লিবাৰেলৰ অধ্যক্ষ তথা প্ৰাক্তন এবছু সভাপতি প্ৰমোদ বড়োৱে 'কেগ' ৰ প্ৰতিবেদনত আঙুলিয়াই শেহতীয়াকৈ উত্থাপন কৰা অভিযোগ অনুসৰি 2007 চনৰ পৰা 2014চনলৈ বি টি এ ডি ৰ প্ৰশাসনে মুঠ 5385 কোটি টকা লাভ কৰিছে । এই বৃহৎ পুঁজিৰ ব্যাপক হাৰত দুৰ্নীতি হৈছিল বুলিও অভিযোগ তুলিছে প্ৰমোদ বড়োৱে ।
আনহাতে, এই সময়ছোৱাত বি টি এ ডি ৰ অন্তৰ্গত অঞ্চলৰ পথ সমূহৰ কিছু উন্নয়ন হ'ল যদিও শিক্ষা, ভাষা-সংস্কৃতিৰ বিকাশ, নিবনুৱাৰ সংস্থাপন আদি মূল বিষয় সমূহৰ কোনো গুণগত পৰিবৰ্তন নহ'ল বুলি বড়োলেণ্ডৰ একাংশ লোকে অভিযোগ উত্থাপন কৰিছে । ৰাস্তা-ঘাট,দলং আদি নিৰ্ণাণৰ নামতো হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে বৃহৎ দুৰ্নীতি সংঘটিত কৰা বুলি দাবী কৰিছে একাশংই ৷ উল্লেখ্য যে, শাসনৰ সময়ছোৱাত হাগ্ৰামা মহিলাৰীয়ে চিৰাঙত নলেজ চিটি নিৰ্মাণ, ওদালগুৰিত 90 কোটি টকা বিনিয়োগ সাপেক্ষ এগ্ৰো প্ৰচেছিং পাৰ্ক প্ৰতিষ্ঠা, মুছলপুৰত 410 কোটি বিনিয়োগেৰে বস্ত্ৰ উদ্যোগ, পৰ্বতঝোৰা, শালবাৰী, ভেৰগাঁৱত 300 কোটি ব্যয়েৰে চিকিৎসালয়ে নিৰ্মাণ, টংলাত 159 কোটিৰ ব্যয়ৰে বিশুদ্ধ খোৱা পানী যোগান আঁচনি নিৰ্মাণ, প্ৰতিখন জিলাত পৰ্যটন বিকাশৰ বাবে 240 কোটিৰ প্ৰকল্পৰ কথা ঘোষণা কৰিছিল যদিও সেইয়া কাৰ্যতঃ সম্পূৰ্ণ নহ'ল ।
আনহাতে, আন একাংশৰ মতে হাগ্ৰামা মহিলাৰীৰ শাসন কালত যঠেষ্ট উন্নয়ন হৈছে বি টি এ ডিত ৷ পূৰ্বতে পিচপৰা অঞ্চল হিচাপে গণ্য কৰা বিটিএডিক হাগ্ৰামা মহিলাৰীয়ে ন ৰূপ দিয়া বুলি মন্তব্য কৰে একাংশ লোকে ৷ আনহাতে, যিসকলে বড়োলেণ্ডৰ উন্নতি হোৱা প্ৰত্যক্ষ কৰা নাই, তেওঁলোক বড়োলেণ্ডৰ প্ৰকৃত নাগৰিক নহয় বুলিও কটাক্ষ কৰে লোকসকলে ৷
লগতে পঢ়ক : লক্ ডাউনে বিধ্বস্ত কৰা আমগুৰিৰ কুটীৰ শিল্পীৰ মনৰ কথাৰে...