কৰিমগঞ্জ, 19 ফেব্ৰুৱাৰী : ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ এখন ফটো বিকৃত ৰূপত উপস্থাপন কৰি কৰিমগঞ্জত গ্ৰেপ্তাৰ হ'ল এজন যুৱক ৷ বৃহস্পতিবাৰে নিশা কৰিমগঞ্জৰ ফকিৰবাজাৰৰ পৰা ইকবাল হুছেইন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় ৷
আনহাতে, শুকুৰবাৰে ইকবালক আদালতত হাজিৰ কৰা হয় ৷ উল্লেখ্য যে, ইকবাল হুছেইন নামৰ এই যুৱকজনে নিজৰ ফেচবুকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ ফটো বিকৃত ৰূপত প্ৰচাৰ কৰিছিল ৷
উল্লেখ্য যে, বুধবাৰৰ দিনা এই ঘটনাৰ সৈতে জড়িত থকা এক ব্যক্তিগত ৱেব পৰ্টেলৰ দুই সাংবাদিককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ ভাৰতীয় দণ্ডাবিধি আইনৰ 509 অনুচ্ছেদ আৰু POCSO আইনৰ অধীনত দিছপুৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ পাচতে গ্ৰেপ্তাৰৰ সন্মুখীন হৈছিল সাংবাদিক দুগৰাকী ৷
লগতে পঢ়ক : মিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে