ETV Bharat / state

Women mysterious death: নিৰ্যাতন চলাই কৰিমগঞ্জত বোৱাৰীক হত্যাৰ অভিযোগ - আকৌ বোৱাৰী নিৰ্যাতনৰ ঘটনা

কৰিমগঞ্জৰ ভাঙৰপাৰ মখৈৰ গাঁৱত উত্তেজনা ৷ এগৰাকী বোৱাৰীক নিৰ্যাতন চলাই তেওঁৰ স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে (Women mysterious death in Karimganj) ৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত ৷

Women mysterious suicide case in Karimganj
কৰিমগঞ্জত বোৱাৰীক হত্যা
author img

By

Published : Apr 17, 2023, 11:14 AM IST

কৰিমগঞ্জত বোৱাৰীক হত্যা

কৰিমগঞ্জ, 17 এপ্ৰিল : ৰাজ্যত আকৌ বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ এইবাৰ ঘটনাৰ স্থান কৰিমগঞ্জৰ ভাঙৰপাৰ মখৈৰ গাঁও ৷ মখৈৰ গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ নিৰ্যাতন চলাই বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে নিহত বোৱাৰীগৰাকীৰ আত্মীয়ই (Women mysterious death in Karimganj)৷

নিহত বোৱাৰীগৰাকীৰ আত্মীয়ই অভিযোগ কৰা অনুসৰি, দীৰ্ঘদিনধৰি নিহত বোৱাৰীগৰাকীক তেওঁৰ স্বামী আৰু শাহুৱেকে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল ৷ দেওবাৰে বোৱাৰী নিৰ্যাতনে লয় ভয়ংকৰ ৰূপ ৷ বোৱাৰীগৰাকীক তেওঁৰ স্বামী আৰু পৰিয়ালে মিলি হত্যা কৰে ৷ পৰৱৰ্তী পৰ্যায়ত এই হত্যাক আত্মহত্যাৰ ৰূপ দি বাৰীৰ এডাল গছত ওলমাই থয় বোৱাৰীগৰাকীৰ মৃতদেহ ৷ সোমবাৰে পুৱা উদ্ধাৰ কৰা হয় বোৱাৰীগৰাকীৰ মৃতদেহটো ৷

নিহত বোৱাৰীগৰাকীৰ পৰিলায়ৰ লোকে উল্লেখ কৰা অনুসৰি, বোৱাৰীগৰাকীৰ মৃতদেহত নাই কোনো আঘাতৰ চিন ৷ এয়া সকলো পূৰ্ব পৰিকল্পিত আছিল বুলিও অভিযোগ কৰে পৰিয়ালৰ লোকে ৷ ইফালে এই বাতৰি বিয়পি পৰাৰ লগে লগে কৰিমগঞ্জৰ ভাঙৰপাৰ মখৈৰ গাঁৱত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ আনকি স্থানীয় ৰাইজেও এয়া এক হত্যাকাণ্ড বুলিহে উল্লেখ কৰে ৷

ইফালে খবৰ পোৱাৰ মাত্ৰে পুৱাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লগতে দণ্ডাধীশ গৌৰৱ দাসো ৷ ঘটনাস্থলীত উপস্থিত হৈয়ে আৰম্ভ কৰে তদন্ত ৷ পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ উপস্থিতিত বোৱাৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷

ইফালে জানিব পৰা মতে, নিহত বোৱাৰীগৰাকীৰ আত্মীয়ই উক্ত ঘটনা সংক্ৰান্তত ভংগৰপাৰ আউটপোষ্টত কবীৰ আহমেদ বাৰাভূঞা, চাৰিমুল হক, মইনুল হক বাৰাভূঞা, জুৱেল আহমেদ, ৰেজিয়া বেগমৰ বিৰুদ্ধে দাখিল কৰিছে এক গোচৰ । এই গোচৰৰ ভিত্তিতে আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত ৷ কৰিমগঞ্জৰ ভাঙৰপাৰ মখৈৰ গাঁৱত সংঘটিত হোৱা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Death trap of electricity department : মৰণফান্দত পৰিণত ডুমডুমা কলিয়াপানীৰ এটা বৈদ্যুতিক খুঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.