কৰিমগঞ্জ,3 ডিচেম্বৰ: বুধবাৰে পশ্চিমবংগৰ আৰক্ষীয়ে ধূপগুৰিৰ পৰা কৰায়ত্ব কৰে এগৰাকী কুখ্যাত ড্ৰাগছ মাফিয়াক । পশ্চিমবংগৰ জলপাইগুৰিৰ ধূপগুৰি আৰক্ষী থানাৰ গোচৰৰ ভিত্তিত কৰায়ত্ব কৰা হয় যুৱকজনক।
বুধবাৰে নিশা কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ী আৰক্ষীয়ে মুকিত আহমেদ নামৰ যুৱকজনক ২০১৮ চনৰ এনডিপিএছ এক্টৰ অধীনৰ এটি গোচৰৰ অভিযোগত আটক কৰি লৈ যায় পশ্চিমবংগৰ আৰক্ষীৰ এটা দলে । প্ৰাপ্ত তথ্য অনুসৰি, ধূপগুৰিত গাঞ্জা সহ আটক কৰা হৈছিল মুকিতক ৷
আৰক্ষীৰ ভাষ্য অনুসৰি, ঘটনাস্থলীৰ পৰা মুকিতে পলাই যায় যদিও কৰিমগঞ্জ আৰক্ষীৰ সহযোগত ৰাতাবাড়ীৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ আজি কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি ট্ৰানজিট ৰিমাণ্ডত লৈ যোৱা হয় মুকিতক ।
অন্য এক খবৰৰ বাবে: 'বুৰেৱী' ঘূৰ্ণীবতাহ পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে !