ETV Bharat / state

কৰিমগঞ্জত ভেলেন্টাইন ডে ক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - কৰিমগঞ্জৰ এখন ৰেস্তোৰাত সৃষ্টি হয় ব্যাপক উত্তেজনা

শুকুৰবাৰে কৰিমগঞ্জৰ এখন ৰেস্তোৰাত সৃষ্টি হয় ব্যাপক উত্তেজনা ৷ ৰেস্তোৰাখনত এটা আপত্তিজনক অৱস্থাৰ মূৰ্তি ৰখাক লৈ এই উত্তেজনা সৃষ্টি হয় ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে বজৰং দল,দুৰ্গা বাহিনী আৰু বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে এয়া সংস্কৃতিৰ অপমান বুলি অভিহিত কৰি মূৰ্তিটো আঁতৰাবলৈ উত্তপ্ত কৰি তোলে ৰেস্তোৰা চৌহদ ।

UNREST SITUATION AT HOTEL ON VALENTINE DAY KARIMGANJ
উত্তপ্ত পৰিস্থিতি
author img

By

Published : Feb 14, 2020, 10:11 PM IST

কৰিমগঞ্জ,14 ফেব্ৰুৱাৰীঃ ভেলেন্টাইন ডে-ক কেন্দ্ৰ শুকুৰবাৰে কৰিমগঞ্জৰ এখন ৰেস্তোৰাত সৃষ্টি হয় ব্যাপক উত্তেজনা ৷ ৰেস্তোৰাখনত এটা আপত্তিজনক অৱস্থাৰ মূৰ্তি ৰখাক লৈ এই উত্তেজনা সৃষ্টি হয় ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে বজৰং দল,দুৰ্গা বাহিনী আৰু বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে এয়া সংস্কৃতিৰ অপমান বুলি অভিহিত কৰি মূৰ্তিটো আঁতৰাবলৈ উত্তপ্ত কৰি তোলে ৰেস্তোৰা চৌহদ । উল্লেখ্য যে,ভেলেন্টাইন ডে-ত আকৰ্ষণ বৃদ্ধিৰ লক্ষ্যৰে হোটেল আৰু ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই এই মূৰ্তি স্থাপন কৰিছিল । ইফালে ৰেস্তোৰাখনৰ গৰাকীয়ে ধন আৰু ৰাজনৈতিক ক্ষমতা দেখুৱাই বজৰং দলৰ সদস্যসকলৰ লগত কাজিয়াত লিপ্ত হয় । ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী সহ বিএছএফ বাহিনী ৷ আৰক্ষীয়ে ৰেস্তোৰাখনৰ উত্তেজিত কৰ্মচাৰীসকলক আটক কৰি সদৰ থানা লৈ যায় ।

উত্তপ্ত পৰিস্থিতি

ব্যৱসায়িক লাভালাভৰ বাবে এনে মূৰ্তি ৰাখি ভাৰতীয় সংস্কৃতিক অপমান কৰিছে বুলি প্ৰতিবাদ সাব্যস্ত কৰে বজৰং আৰু দুৰ্গা বাহিনীৰ সদস্যসকলে ৷ পশ্চিমীয়া সংস্কৃতি ৰক্ষাৰ পৰিৱৰ্তে ভাৰতীয় সকলে পুলৱামাত নিহত সেনা জোৱানক শ্ৰদ্ধাঞ্জলী জনোৱাটো অধিক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে দলটোৱে ৷ কৰিমগঞ্জৰ এই হোটেলখনত পূৰ্বতেও অসামাজিক লোকক আশ্ৰয় দিছিল বুলি এগৰাকী বজৰং সদস্যই উল্লেখ কৰে ৷ প্ৰায় দুঘণ্টা ধৰি পৰিস্থিতি অপৰিৱৰ্তিত থকাত হোটেলৰ গৰাকী আহি দলটোৰ ওচৰত ক্ষমা বিচাৰি ভৱিষ্যতে এই ভুল নকৰাৰ প্ৰতিশ্ৰতি দিয়ে ৷ ইয়াৰ পিছত উত্তপ্ত পৰিস্থিতিৰ শাম কাটে ৷

লগতে চাওকঃজোনাইত পাৰিবাৰিক কন্দলৰ পৰিণতিত আত্মহনন যুৱকৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.