কৰিমগঞ্জ, 2 অক্টোবৰঃ কৰিমগঞ্জৰ ফকিৰাবজাৰত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ ৷ ফকিৰাবজাৰ অঞ্চলৰ লংগাই নৈত মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী আৰু এচ.ডি.আৰ.এফ বাহিনীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৃতদেহটো পুৰণি হোৱাৰ বাবে আৰক্ষীয়ে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও মৃতদেহটো মহিলাৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক-সকলো ধৰ্মনিৰপেক্ষ দলক একগোট হবলৈ আহ্বান এ আই ইউ ডি এফৰ