কৰিমগঞ্জ, 19 মে': ৰাজ্যজুৰি বৃদ্ধি পাইছে কভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সোমবাৰে শিলচৰত দুজন যুৱকৰ দেহত ধৰা পৰিছে কভিড-19 ৰ অৱস্থিতি ৷ কভিড-19 ত আক্ৰান্ত বুলি চিনাক্ত হোৱা দুয়োগৰাকী যুৱক ককাই-ভাই বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, সোমবাৰে কলিকতাৰ পৰা বাছেৰে আহিছিল দুয়ো গৰাকী যুৱক ৷ ইয়াৰ পিছতে শিলচৰৰ আন্তঃৰাজ্যিক বাছ আস্থানত দুয়োগৰাকী যুৱককে কৰোৱা হৈছিল স্বাস্থ্য পৰীক্ষা ৷ মঙলবাৰে অহা স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট অনুসৰি দুয়োগৰাকী যুৱকৰ দেহত ধৰা পৰিছে কভিড-19ৰ অৱস্থিতি ৷ যুৱক দুজন কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণনগৰৰ চামছুল আলম 24) আৰু চালিমূল হক(25) বুলি জনাইছে জিলা প্ৰশাসনে ৷ বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে দুয়ো গৰাকী যুৱকক ৷