কৰিমগঞ্জ, 13 জুলাইঃ সোমবাৰৰ দিনটোত কৰিমগঞ্জৰ দুই ভিন্ন এলেকাত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা । কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰইগ্ৰাম এলেকাৰ ৰাধাৰমন আশ্ৰমৰ সন্মুখত সংঘটিত হয় প্ৰথমটো দুৰ্ঘটনা । এখন ৰৈ থকা অটো ৰিক্সাত অচিনাকী বাহন এখনে খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে । এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় 5 গৰাকীকৈ লোক । আহত আটাইকেইগৰাকী লোকক স্থানীয় লোকৰ তৎপৰতাত ততাতৈয়াকৈ নিয়া হয় বাৰইগ্ৰাম আদৰ্শ চিকিৎসালয়লৈ । পৰৱৰ্তী সময়ত আটাইকেইগৰাকী লোকক প্ৰেৰণ কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ ।
আনহাতে আনটো দুৰ্ঘটনা সংঘটিত হয় বাৰইগ্ৰাম পানী যোগান আঁচনিৰ সম্মুখত । এই ঘটনাও সংঘটিত হয় এখন ৰৈ থকা অটো ৰিক্সাত কোনো বাহনে খুন্দিওৱাৰ ফলত । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা । মহিলা গৰাকীক ততাতৈয়াকৈ বাৰইগ্ৰাম আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও, চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 45 বছৰীয়া মহিলা গৰাকীয়ে । বৰ্তমানেও পৰিচয় উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকীৰ ।
লগতে পঢ়কঃ তীব্ৰবেগী বাহনৰ খুন্দাত আহত পহু