কৰিমগঞ্জ, 24 মে’ : বৰাক উপত্যকাত এতিয়াও সক্ৰিয় হৈ আছে আন্তঃৰাষ্ট্ৰীয় পশুধন সৰবৰাহকাৰী(Cattle smuggling in Badarpur) ৰ দল ৷ পিছে আৰক্ষীয়েও নিৰন্তৰভাৱে এই চক্ৰ উৎখাতৰ বাবে অব্যাহত ৰাখিছে অভিযান ৷ শেহতীয়াকৈ বদৰপুৰ আৰক্ষীয়ে এনে এক অভিযান চলাই লাভ কৰে সফলতা ৷
জানিব পৰা মতে, বদৰপুৰ আৰক্ষীয়ে অভিযান চলাই 17 টাকৈ গৰু সহ আটক কৰিছে দুই সৰবৰাহকাৰীক ৷ গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ভাংগা আৰক্ষী চকীৰ দায়িত্বত থকা বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই মকইভাংগাৰ পৰা আটক কৰে দুই সৰবৰাহকাৰীক(Two cattle smuggler detained in Badarpur) ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি দুয়োগৰাকীয়ে আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনীৰ চকুত ধূলি মাৰি এই চোৰাং কাৰবাৰ অব্যাহত ৰাখিছিল ৷ আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে বদৰপুৰৰ সৰপুৰ গাঁৱৰ বাসিন্দা আব্দুল মতিন আৰু নিজামউদ্দিন বুলি জানিব পৰা গৈছে ৷
লগতে চাওক: George Bordoloi suicide case: ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ষ্টীফেন মেভলিক আটক