কৰিমগঞ্জ,9 জুলাই: এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে কৰিমগঞ্জ জিলা ৷ জিলাখনৰ চান্দশ্ৰীকোনাত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত কেইমাহমান পূৰ্বে জিলাখনৰ ফতেহপুৰ গাঁৱৰ মমতা বেগমৰ নিকটৱৰ্তী চান্দশ্ৰীকোনাৰ ছাবাদ হুছেইনৰ সৈতে নিকাহ সম্পন্ন হৈছিল ৷ কৰ্মসূত্ৰে ছৌদি আৰৱৰ বাসিন্দা মহিলাগৰাকীৰ স্বামীয়ে বিয়াৰ দুমাহমান পিছতে কৰ্মস্থলীলৈ যায় ৷ কিন্তু ইয়াৰ পিছতে বৃহস্পতিবাৰে মমতা বেগম নামৰ মহিলাগৰাকীৰ মৃতদেহ চিপ লোৱা অৱস্থাত স্বামীগৃহৰ পৰা উদ্ধাৰ কৰা হয় ৷ স্বামী পৰিয়ালৰ লোকে মমতাৰ পিতৃগৃহত এই সম্পৰ্কে জনোৱাত ঘটনাস্থলীত উপস্থিত হয় মহিলাগৰাকীৰ আত্মীয় ৷ মমতাৰ পিতৃ পৰিয়ালে দাবী কৰা অনুসৰি এয়া আত্মহত্য়াৰ বিপৰীতে এক পৰকল্পিত হত্য়াকাণ্ড ৷ লগতে এই হত্য়াত জড়িতৰ অভিযোগত অভিযুক্ত কৰে মমতাৰ শহুৰেক ছাবউদ্দিনৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকলক ৷ পৰিকল্পিতভাৱে মমতাক স্বামী পৰিয়ালৰ লোকে হত্যা কৰি ওলোমাই থোৱা বুলি অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি দুয়োটা পক্ষৰ মাজত সৃষ্টি হৈছে তীব্ৰ বাকবিতণ্ডাৰ লগতে উত্তপ্ত পৰিস্থিতি ৷
ইফালে পৰিস্থিতি বেয়াৰ দিশে ঢাল খোৱাত একাংশ সচেতন লোকৰ তৎপৰতাত আৰক্ষীক খবৰ দিয়া হয় যদিও বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ ইফালে আৰক্ষীৰ পলম উপস্থিতিৰ বাবে ক্ষোভিত জনসাধাৰণে আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ অৱশেষত আৰক্ষীয়ে দণ্ডাধীশ ৰাকেশ ডেকাৰ উপস্থিতিত ভাৰতীয় সেনা জোৱানৰ সহযোগত নিয়ন্ত্ৰণ কৰে পৰিৱেশ ৷ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভৰ পিছতহে ঘটনাৰ প্ৰকৃত সত্য উদঘাটন হোৱাৰ সম্ভাৱনা থকাৰ কথা সদৰি কৰে দণ্ডাধীশগৰাকীয়ে ৷
লগতে চাওকঃ বন বিভাগৰ অভিযানত উচ্ছেদ অবৈধ কাঠ ফলা মিল