ETV Bharat / state

ত্ৰিপুৰাত পুনৰ তিনিদিনৰ বাবে লক ডাউন বৃদ্ধি - স্বাস্থ্যবিধি

ত্ৰিপুৰাত পুনৰ তিনিদিনৰ বাবে লক ডাউন ঘোষণা ৷ কেৱল মাত্ৰ প্ৰয়োজনীয় সামগ্ৰীৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে ৷ লগতে,প্ৰয়োজনীয় সামগ্ৰীৰ লগত জড়িত বাহন সমূহ চলাচল কৰাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷

TRIPURA AGAIN LOCK DOWN EXTEND THREE DAYS
ত্ৰিপুৰাত পুনৰ তিনিদিনৰ বাবে লক ডাউন বৃদ্ধি
author img

By

Published : Jul 27, 2020, 3:41 PM IST

কৰিমগঞ্জ, 27 জুলাই : দেশত প্ৰতিদিনে বৃদ্ধি পাই আহিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ নীতি-নিৰ্দেশনা তথা স্বাস্থ্যবিধি মানি চলাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷ দেশৰ অন্য ৰাজ্যৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাতো ব্যাপক হাৰত বৃদ্ধি পাই আহিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ৰাজ্যখনত কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে শেহতীয়াকৈ চৰকাৰে পুনৰ ৰাজ্যখনত তিনিদিনৰ বাবে লক ডাউন ঘোষণা কৰিছে ৷

ত্ৰিপুৰাত পুনৰ তিনিদিনৰ বাবে লক ডাউন বৃদ্ধি

চৰকাৰে জাৰি কৰা নীতি অনুসৰি,কেৱল মাত্ৰ প্ৰয়োজনীয় সামগ্ৰীৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে ৷ লগতে, প্ৰয়োজনীয় সামগ্ৰীৰ লগত জড়িত বাহন সমূহ চলাচল কৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে আন সকলো বাহন চলাচলত তিনিদিনৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে ৷

উল্লেখ্য যে,চৰকাৰী তথ্য অনুসৰি,ত্ৰিপুৰাত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 3862 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 2209 গৰাকী ৷ একেদৰে মৃত্যু হোৱা ৰোগীৰ সংখ্যা 11 গৰাকী ৷

লগতে পঢ়ক: বন্যাৰ্তৰ বিলৈ:শেষকৃত্য সমাপনৰ বাবে ঠাইৰ অভাৱ গোলাঘাটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.