কৰিমগঞ্জ,15 মে': শুকুৰবাৰে পুৱা বদৰপুৰ ৰেলৱে ষ্টেচনত আহি উপস্থিত হয় চেন্নাইৰ পৰা শ্ৰমিক কঢ়িয়াই অনা এখন ৰেল ৷ নিৰ্ধাৰিত সময়তকৈ প্ৰায় 3 ঘন্টা পলমকৈ অৰ্থাৎ প্ৰায় পুৱা 8 বজাত বদৰপুৰ ৰেলৱে ষ্টেচনত আহি উপস্থিত হয় ৰেলখন ৷ ইয়াৰ পাছতেই বদৰপুৰ ষ্টেচনত আহি উপস্থিত হয় কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দি জিলাৰ প্ৰশাসনিক বিষয়া সকল ৷
উল্লেখ্য যে, কাছাৰৰ 9 জন আৰু কৰিমগঞ্জৰ 37 জন যাত্ৰী আছিল ৰেলখনত ৷ প্ৰাথমিক পৰ্যায়ৰ থাৰ্মো স্কেনিং কৰাৰ পিছতে প্ৰশাসনক গতাই দিয়া হয় যাত্ৰী সকলক ৷ বৰ্তমান কৰিমগঞ্জৰ কেইবাখনো হোটেলত কোৱাৰেন্টাইনত ৰখা হৈছে যাত্ৰী সকলক ৷ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট নহা পৰ্যন্ত হোটেলতে থাকিব লাগিব যাত্ৰী সকল ৷ উল্লেখ্য যে ৰিপৰ্ট নিগেটিভ আহিলে নিজা বাসগৃহতে তেঁওলোকক হোম কোৱাৰেন্টাইনত ৰখা হ'ব বুলি জনাইছে প্ৰশাসনে ৷
লগতে পঢ়কঃ যোৰহাট পৌৰসভাৰ আৱাসগৃহত উচ্ছেদ অভিযান