কৰিমগঞ্জ,6 মাৰ্চঃ বহু অপেক্ষাৰ অন্তত শুকুৰবাৰে বিজেপি দলে ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ তালিকা ৷ এই তালিকা ঘোষণা কৰাৰ পাছতে বিজেপিত সৃষ্টি হৈছে সংঘাত ৷ 2021 ৰ বিঘানসভা নিৰ্বাচনৰ টিকটৰ দৌৰত কৰিমগঞ্জত স্থান পাইছে ডাঃ মানস দাসে ৷ দাসক উত্তৰ কৰিমগঞ্জৰ টিকট দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ সংঘাতৰ ৷
জ্যেষ্ঠ নেতা মিশন ৰঞ্জন দাসক বঞ্চিত কৰি ডাঃ মানস দাসক উত্তৰ কৰিমগঞ্জৰ টিকট দিয়াৰ বাবে শুকুৰবাৰে নিশা মিশন ৰঞ্জন দাসৰ সমৰ্থকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ক্ষোভিত বিজেপি কৰ্মীয়ে ৰাজপথত টায়াৰ জ্বলাই শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়ৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
লগতে পঢ়কঃ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱা পাচতে কি ক'লে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ...