ETV Bharat / state

কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত অব্যাহত গৰু চোৰৰ তাণ্ডৱ - thief continues terror

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰে চলাইছে তাণ্ডৱ ৷ প্ৰতিটো নিশাই গোহালিয়ে গোহালিয়ে চুৰি হৈছে গৰু ৷

thief-continues-its-terror-in-international-border-villages-of-karimganj
গৰু চোৰৰ তাণ্ডৱ অব্যাহত কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী গাঁৱত
author img

By

Published : May 31, 2021, 6:27 AM IST

কৰিমগঞ্জ, 18 মে’: কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তৱৰ্তী এলেকাত শেহতীয়াকৈ অব্যাহত আছে চুৰিৰ ঘটনা । প্ৰায় প্ৰতিটো নিশাই গৃহস্থৰ গোহালিত চোৰৰ দলে চলাই গৈছে চুৰি অভিযান । এই ঘটনাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল ।

মন কৰিবলগীয়া যে, সীমান্ত আৰক্ষীৰ চকুত ধুলি দি প্ৰায় প্ৰতি দিনেই চলিছে চোৰৰ তাণ্ডৱ । বিশেষকৈ ৰাজ্যজুৰি সান্ধ্য আইন বলবত হৈ থকাৰ সুযোগতে সীমান্ত এলেকাত বৃদ্ধি পাইছে পশুধন চুৰিৰ এই ঘটনা । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে , এই সময়চোৱাত যিহেতু ৰাইজ গৃহবন্দী হৈ আছে তাৰেই সুযোগ গ্ৰহণ কৰি চোৰৰ গতিবিধি বৃদ্ধি পাইছে সীমান্ত জিলা কৰিমগঞ্জত ৷

আনহাতে, কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ লাতু এলেকাৰ পৰা সম্প্ৰতি ট্ৰাকভৰ্তি চোৰাং গৰু জব্দ হোৱাৰ পিছত এই অভিযোগৰ সত্যতা পুনৰ প্ৰমাণিত হৈছে । উল্লেখ্য যে, সোমবাৰৰ দিনটোত, AS 11 BC 9086 নম্বৰৰ এখন মেজিক ট্ৰাকত ছটাকৈ গৰু প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ সন্দেহ হোৱাত বাহনখন খেদি খেদি ধৰাৰ চেষ্টা কৰিলে ৷ ইয়াৰ পিছত যদিও ট্ৰাক চালক পলাই যাবলৈ সক্ষম হয় কিন্তু একাংশ লোকে গৰুভৰ্তি বাহনখন লংগাই আৰক্ষীৰ অনুসন্ধান চকীত চমজাই দিয়ে ।

ইপিনে, গৰুভৰ্তি ট্ৰাক জব্দ হোৱাৰ খবৰ বিয়পি পৰাৰ পিছত বিভিন্ন দাতি কাষৰীয়া গাঁৱৰ লোকে ভীৰ কৰে লংগাই আৰক্ষীৰ অনুসন্ধান চকীত । অৱশেষত, গৰু কেইটা ৰাইজে চিনাক্ত কৰে ৷ জানিব পৰা মতে, জব্দ হোৱা গৰু কেইটা দেওবাৰ নিশা চুৰ হৈছে বিভিন্ন এলেকাৰ পৰা । আনহাতে, এই মুহুৰ্তলৈকে চুৰি হোৱা গৰু কেইটা আৰক্ষীৰ জিম্মাত আছে ৷

লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত ভিন্ন বিষয়ৰ অনলাইন প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.