ETV Bharat / state

কৰিমগঞ্জত পুনৰ সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ - সীমান্ত অঞ্চলৰ পৰা বাংলাদেশলৈ সৰবৰাহ

কৰিমগঞ্জৰ বিভিন্ন এলেকাৰ পৰা সঘনাই চুৰ হয় মটৰ চাইকেল আৰু চাৰিচকীয়া বাহন । এই চুৰি কৰা মটৰ চাইকেল সীমান্ত অঞ্চলৰ পৰা বাংলাদেশলৈ আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰই সৰবৰাহ কৰে ৷

কৰিমগঞ্জত পুনৰ সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰ চক্ৰ: দুখন বাইক উদ্ধাৰ

author img

By

Published : Jun 24, 2021, 10:27 PM IST

কৰিমগঞ্জ, 24 জুন : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষীয়ে বুধবাৰ নিশা দুখন চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ কৰে । পাথাৰকান্দি আৰক্ষীয়ে ভাৰত বাংলাদেশ সীমান্তৰ ফুলকান্দি নামৰ স্থানৰ পৰা উদ্ধাৰ কৰে বাইক দুখন । ভাৰত বাংলাদেশ সীমান্তৰ পৰা মটৰ চাইকেল উদ্ধাৰ হোৱাৰ ঘটনাই পুনৰ উন্মোচিত কৰিছে আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰ চক্ৰৰ তথ্য । এই আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰ চক্ৰই চুৰি কৰা মটৰ চাইকেল সীমান্ত অঞ্চলৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰে ৷

উল্লেখ্য যে, কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি চহৰৰ নিলগত থকা মোহন সিনহা নামৰ এজন ব্যক্তিৰ ভাৰাঘৰৰ পৰা মঙলবাৰে নিশা চুৰে AS 11K 0569 আৰু AS 11 P 9869 নম্বৰৰ মটৰ চাইকেল দুখন চুৰি কৰি লৈ গৈছিল । আৰক্ষীয়ে এই চুৰিকাণ্ডৰ তথ্য লাভ কৰাৰ পাছতেই তদন্ত আৰম্ভ কৰে ৷ অৱশেষত বুধবাৰে নিশা পাথাৰকান্দি আৰক্ষীয়ে চুৰি হোৱা মটৰ চাইকেল দুখন ফুলকান্দিত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

মটৰ চাইকেল দুখন বাংলাদেশলৈ সৰবৰাহৰ বাবে সাজু কৰি ৰখাৰ কথা ইতিমধ্যে আৰক্ষীয়েও স্বীকাৰ কৰিছে ৷ আৰক্ষীয়ে মটৰ চাইকেল দুখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও চুৰৰ দলটো এতিয়াও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই । কৰিমগঞ্জৰ বিভিন্ন এলেকাৰ পৰা সঘনাই চুৰ হয় মটৰ চাইকেল আৰু চাৰি চকীয়া বাহন ।

এই চুৰ কৰা বাহনবোৰ এটা আন্তৰ্জাতিক গাড়ী চুৰি চক্ৰই বাংলাদেশলৈ সৰবৰাহৰ কৰে । আৰক্ষী শীঘ্ৰেই বাইক চুৰৰ দলটোক কৰায়ত্ব কৰি আন্তৰ্জাতিক গাড়ী চুৰ চক্ৰটোক উৎখাত কৰিব বুলি আশাবাদী ।

লগতে পঢ়ক : ভাৰত-ভূটান সীমান্তত নিৰ্মাণ কাৰ্য চলিছে মিনি ৰ’পৱেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.