ETV Bharat / state

টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা - কৰিমগঞ্জ

পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত লোৱাইৰপোৱা উন্নয়ন খণ্ডৰ অধীনত থকা কড়িখাই, বছৰি, যোগীছড়া, বড়ছবৰি, ছলামনা, যাহানপুৰ, খাগড়া আদি গাঁওসমূহৰ লোকৰ আজিৰ তাৰিখত যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে এখন টুলুঙা নাও ।

Karimganj
কৰিমগঞ্জ
author img

By

Published : Jul 3, 2020, 4:43 PM IST

কৰিমগঞ্জ, 3 জুলাইঃ বাৰিষা দিনত টুলুঙা নাও আৰু খৰালি সময়ছোৱাত এডাল বাঁহৰ সাঁকোৱেই হৈছে কৰিমগঞ্জৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ মাধ্যম । লংগাই নৈৰ বিপৰীত প্ৰান্তত থকা গাঁৱৰ লোকসকলে বছৰ বছৰ ধৰি এনেদৰে যাতায়াত অব্যাহত ৰাখিছে । পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত লোৱাইৰপোৱা উন্নয়ন খণ্ডৰ অধীনত থকা কড়িখাই, বছৰি, যোগীছড়া, বড়ছবৰি, ছলামনা, যাহানপুৰ, খাগড়া আদি গাঁওসমূহৰ লোকৰ আজিৰ তাৰিখত যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে এখন টুলুঙা নাও ।

কৰিমগঞ্জ

লগতে পঢ়কঃ শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ প্ৰতিবাদী সমদল

অথচ কালাছড়া এলেকাৰ এই স্থানত এখন পকী দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ বাবেই প্ৰতিবছৰে জনপ্ৰতিনিধি নিৰ্বাচিত কৰে গাঁওবাসীয়ে ৷ কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত নিৰ্বাচিত জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ ৰাইজে । আনহাতে দিনৰ ভাগত টুলুঙা নাৱেৰে যাতায়ত সম্ভৱ যদিও সন্ধিয়াৰ পিছত ঘাটত নাও চলাচল বন্ধ হৈ পৰে । সেয়ে এখন পকী দলঙৰ অভাৱত অসহনীয় জীৱন অতিবাহিত কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.