ETV Bharat / state

ফলাফল বিতৰ্ক: পাথাৰকান্দিৰ লংগাই হাইস্কুলত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 8, 2021, 10:28 AM IST

শেহতীয়াকৈ শিক্ষা বিভাগে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে তীব্ৰ বিতৰ্ক ৷ ফলাফল ঘোষণাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত পাথাৰকান্দিৰ লংগাই হাইস্কুলত উত্তপ্ত পৰিস্থিতি ৷

tense-situation-at-longai-high-school-in-patharkandi
পাথাৰকান্দিৰ লংগাই হাইস্কুলত উত্তপ্ত পৰিস্থিতি

কৰিমগঞ্জ , 8 আগষ্ট : ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষা বিভাগে ৷ পূৰ্বৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে বিভাগে ঘোষণা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ কিন্তু, এই ফলাফলক লৈয়ে ৰাজ্যজুৰি সৃষ্টি হৈছে আন এক নতুন বিতৰ্কৰ ৷ এইবাৰ ছাত্ৰ-ছাত্ৰীসকলক উত্তীৰ্ণ কৰাৰ নামত একাংশ শিক্ষকৰ বিৰুদ্ধে উৎকোচ গ্ৰহণ কৰাৰ লগতে বিসংগতি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ফলাফল বিতৰ্কঃ পাথাৰকান্দিৰ লংগাই হাইস্কুলত উত্তপ্ত পৰিস্থিতি

ইয়াৰ মাজতে শনিবাৰে শেহতীয়া ফলাফলক লৈ পাথাৰকান্দিৰ লোৱাইৰপোৱাত থকা লংগাই হাইস্কুলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শেহতীয়া ফলাফলত বিদ্যালয়খনৰ 90 শতাংশ ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হোৱা ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিদ্যালয় খনৰ আচবাব ৷ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰা মতে, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে দাবী কৰা ধন নিদিয়াৰ বাবেই তেওঁলোক এই ফলাফলৰ সন্মুখীন হ'বলগীয়া হৈছে ৷

লগতে পঢ়ক: অসমতে সম্ভৱ জটিল আৰু ব্যয়বহুল অস্থিমজ্জা সংৰোপন

প্ৰাপ্ত খবৰ মতে, বিদ্যালয়খনত মুঠ তিনিখনকৈ বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকন কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত মূল্যাংকনৰ সকলো তথ্য বিদ্যালয়খনে শিক্ষা বিভাগক অৰ্পন কৰিছিল ৷ কিন্তু ঘোষণা হোৱা ফলাফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ মাত্ৰ 10 শতাংশহে উত্তীৰ্ণ হয় ৷

এই সমগ্ৰ ঘটনাৰ বাবে ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ছুকি চড়ইক জগৰীয়া কৰিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰা মতে, প্ৰধান শিক্ষক গৰাকীয়ে পৰীক্ষাত পাছ কৰাই দিয়াৰ নামত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা 20 হাজাৰকৈ টকা দাবী কৰিছিল ৷ কিন্তু অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই সেই ধন দিবলৈ অপাৰগ হোৱাত 90 শতাংশ ছাত্ৰ-ছাত্ৰীক ফেইল কৰাই দিয়া হৈছে ৷ ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে ছাত্ৰ-ছাত্ৰীসকলে ৷

ইফালে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা সমষ্ট অভিযোগ নসাৎ কৰি এইয়া তেওঁৰ বিৰুদ্ধে ভুৱা অভিযোগ বুলি মন্তব্য কৰিছে ৷ তেওঁ শিক্ষা বিভাগক প্ৰথমে যি খন তালিকা প্ৰেৰণ কৰিছিল সেইখন সম্পূৰ্ণ শুদ্ধ আছিল বুলি জনাইছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ৷ কিন্তু পৰৱৰ্তী সময়ত সেইখন ‌বি‌শেষ কাৰণত বা‌তিল হৈ গৈছিল প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়কঃ লামডিং নগৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.