ETV Bharat / state

জাননী নিদিয়াকৈয়ে পৰিচালকে তলা ওলমালে হাতিখীৰা বাগিচাত : শ্ৰমিকৰ হাহাকাৰ - বাগিচা খনৰ পৰিচালক শুভ্ৰ প্ৰকাশ নায়কে

26 ছেপ্টেম্বৰৰ নিশা শ্ৰমিক সকলক এসপ্তাহৰ মজুৰি, ৰেচন আৰু দুৰ্গা পূজাৰ বনাচ নিদিয়াকৈয়ে বাগিচা খনৰ পৰিচালক শুভ্ৰ প্ৰকাশ নায়কে পলায়ন কৰিছিল ৷ পাচদিনা অৰ্থাৎ 27 ছেপ্টেম্বৰত বাগিচাৰ এগৰাকী কৰ্মীৰ 'হোৱাট্ছএপ'ত বাগিচা খন বন্ধ কৰা হৈছে বুলি এটা মেছেজ আহে ৷

শ্ৰমিকৰ হাহাকাৰ
author img

By

Published : Oct 2, 2019, 5:34 PM IST

কৰিমগঞ্জ, 2 অক্টোবৰঃ দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত কৰিমগঞ্জৰ হাতিখীৰা চাহ বাগিচাত হাহাকাৰ পৰিস্থিতি ৷ যোৱা 26 ছেপ্টেম্বৰৰ তাৰিখে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতিখীৰা চাহ বাগিচাত কোনো জাননী নিদিয়াকৈ তলা ওলমাই পলায়ন কৰে বাগিচা খনৰ পৰিচালক শুভ্ৰ প্ৰকাশ নায়কে ৷ যি সময়ত সমগ্ৰ ৰাজ্যতে 20% পূজাৰ ব'নাচৰ বাবে চাহ শ্ৰমিক সকলে প্ৰতিবাদ কৰি আছে তেনে সময়তে পূজাৰ ব'নাচ নিদিয়াকৈ বাগিচা খনৰ পৰিচালকে পলায়ন কৰাত শ্ৰমিকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷

জাননী বিহীনভাৱে বাগিছাত ওলমিল তলা

উল্লেখ্য যে, পৰিচালকজনে পলায়ন কৰাৰ পাচতেই বাগিচা খনৰ শ্ৰমিক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পূজাৰ প্ৰাকক্ষণত কেৱল ব'নাচ বিচৰা বাবেই সুচাৰুৰূপে কাম সম্পাদনা চলি থকা বাগিচাখন বন্ধ হৈ যোৱাৰ বাবে শ্ৰমিক সকলৰ মাজত পূজাৰ আনন্দ সম্পূৰ্ণৰূপে ম্লান হৈ পৰিছে ৷ কেৱল পূজাৰ আনন্দই নহয়, ৰেচনৰ অভাৱত অনাহাৰে দিন পাৰ কৰিব লগীয়া হৈছে শ্ৰমিক সকলে ৷ যোৱা এসপ্তাহ ধৰি বন্ধ হৈ আছে বাগিচাখনৰ শ্ৰমিকৰ দৰমহা ৷ অভিযোগ অনুসৰি বহুবাৰ বাগানৰ মালিকৰ সৈতে ফোনত যোগাযোগ কৰিব বিচাৰিও বিফল হৈছে শ্ৰমিক সকল ৷ কাৰণ কোনোমতেই ফোন নুঠাই বাগিচাৰ মালিকে ৷ এনে অৱস্থাত অনাহাৰে থাকি দুশ্চিন্তাত হৃদক্ৰিয়া বন্ধ হৈ এগৰাকী স্থায়ী শ্ৰমিকৰ মৃত্যু হোৱাত বাগিচা খনত শোকৰ ছাঁ পৰিছে । মৃত শ্ৰমিকজন দেওৰাজ কৰ্মকাৰ বুলি জানিব পৰা গৈছে ৷ দুই কন্যা সন্তানৰ পিতৃ দেওৰাজৰ পত্নী এগৰাকী পক্ষাঘাত ৰোগী ৷

উল্লেখ্য যে, 26 ছেপ্টেম্বৰৰ নিশা শ্ৰমিক সকলক এসপ্তাহৰ মজুৰি, ৰেচন আৰু দুৰ্গা পূজাৰ বনাচ নিদিয়াকৈয়ে বাগিচা খনৰ পৰিচালক শুভ্ৰ প্ৰকাশ নায়কে পলায়ন কৰিছিল ৷ পাচদিনা অৰ্থাৎ 27 ছেপ্টেম্বৰত বাগিচাৰ এগৰাকী কৰ্মীৰ 'হোৱাট্ছএপ'ত বাগিচা খন বন্ধ কৰা হৈছে বুলি মেছেজ আহে ৷ আৰু ইয়াৰ পিচৰে পৰা বাগিচাখনৰ হেজাৰ হেজাৰ শ্ৰমিকে চৰম দুশ্চিন্তা আৰু অৰ্ধহাৰে-অনাহাৰে দিন কটাবলগীয়া হৈছে ৷

Intro:বাগিচা লক আউট হোৱাৰ বাবে অৰ্ধহাৰে অনাহাৰে থকা এগৰাকী শ্ৰমিকৰ মৃত্যু

Body:GARDEN LABOUR DIED পূজাৰ প্ৰাক মুহূৰ্তত কৰিমগঞ্জৰ হাতীখীৰা চাৰ বাগিছাঁত হাহাকাৰ পৰিস্থিতি । অনাহাৰে দিন কটাই দুশ্চিন্তাত হৃদয়ৰোগত আক্ৰান্ত হৈ মৃত্যু বাগিছাৰ এগৰাকী শ্ৰমিকৰ ।মৃত্যু হোৱা শ্ৰমিকৰ নাম দেওৰাজ কৰ্মকাৰ। যোৱা 27 চেপ্টেম্বৰ তাৰিখত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতিখিৰা চাহ বাগিছাঁত তলা উলমাই পলায়ন কৰিছিল বাগিছাৰ মেনেজাৰ শুভ্ৰ প্ৰকাশ নায়েক ।পূজাৰ বনাচ নিদিয়াকৈ পলাই গৈছিল বাগিছা খনৰ মেনেজাৰ ।আৰু সেই দিনৰ পৰাই বাগিচাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।শ্ৰমিকৰ মাজত এতিয়া তীব্র সংকট ।ভালেই চলিছিল যি বাগিছাখনৰ সেইখন বাগিছা কেৱল বোনাচ নিদিয়াৰ বাবে বন্ধ হৈ যোৱাত পূজাৰ আনন্দ সম্পূৰ্ণ ম্লান হৈছে।কেবল পূজাৰ আনন্দ নহয়।শ্ৰমিক সকলৰ ঘৰত বর্তমানে নাই খাদ্য সামগ্ৰী।যোৱা একসপ্তাহ পৰা বন্ধ হৈ আছে দৰমহা।ৰেচন পাতিত নাই খবৰ ।মালিকৰ লগত যোগাযোগ কৰা হলে মালিকেও নধৰে ফোন।তেনে অৱস্থাত অনাহাৰে থাকি দুশ্চিন্তাত হৃদৰোগত আক্রান্ত হৈ এগৰাকী স্থায়ী শ্ৰমিকৰ মৃত্যু ঘটনাই বাগিছাত শোকৰ ছা নামি পৰিছে।দেওৰাজ কৰ্মকাৰ নামৰ শ্ৰমিকৰ মৃত্যুৰ ঘটনাই বাগিচাত শোকৰ ছা নামি পৰিছে।তেওঁৰ পত্নীৰ পেৰালাইচিচি ৰোগি।দুই কন্যা সন্তান আছিল তেওঁৰ ।পিছে বাগিছা বন্ধ হল ।ঘৰত নাই খাদ্য সামগ্ৰী,অনাহাৰে দিন কটাই অৱশেষত হৃদৰোগত আক্রান্ত হৈ মৃত্যু ক আঁকোৱালি ললে দেওৰাজ কৰ্মকাৰ নামৰ শ্ৰমিকজনে ।আৰু ঘটনাৰ পিছত বাগিছাৰ পৰিবেশ অধিক শোচনীয় হৈ পৰিছে। উল্লেখযোগ্য যে যোৱা 26 ছেপ্টেম্বৰ নিশা এসপ্তাহৰ হাজিৰা,ৰেচন আৰু দুৰ্গাপূজাৰ বনাচ নিদি পলায়ন কৰে বাগিচাখনৰ ম্যানেজাৰ শুভ্ৰঅংশু নায়েক ।আৰু পিছদিনা অৰ্থাৎ 27 ছেপ্টেম্বৰ বাগিচাৰ এগৰাকী কৰ্মীৰ whatsapp ত লকআউট কৰা হৈছে বুলি এখন পত্ৰ প্ৰেৰণ কৰে আৰু তাৰ পিছৰ পৰাই বাগিচাখনৰ হেজাৰ হেজাৰ কৰ্মীক চৰম দুশ্চিন্তা আৰু অৰ্ধহাৰে অনাহাৰে দিন কটাবলগীয়া হৈছে

Conclusion:পিছে কিমান দিন শ্ৰমিক সকলৰ জীৱন লৈ খেল খেলিব এই সকল বাগিচাৰ গৰাকী সকলে এয়াই লাখ টকীয়া প্ৰশ্ন
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.