ETV Bharat / state

বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা আটক দুই সন্দেহজনক ৰোহিংগিয়া

ৰাজ্যত আকৌ আটক ৰোহিংগিয়া ৷ এইবাৰ স্থান কৰিমগঞ্জৰ বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা আটক দুই সন্দেহজনক ৰোহিংগিয়া (Suspected Rohingya detained in Badarpur)। আটকাধীন যুৱকদ্বয় হ’ল জামাল হুছেইন আৰু আমিৰ হাকিম ৷ বৰ্তমান বদৰপুৰ আৰক্ষীৰ জিম্মাত আছে দুই অভিযুক্ত ৷

Operation against Rohingan nationals
বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা আটক দুই সন্দেহজনক ৰোহিংগিয়া
author img

By

Published : Aug 23, 2022, 3:52 PM IST

কৰিমগঞ্জ, 23 আগষ্ট : ৰাজ্যত আকৌ আৰক্ষীৰ জালত পৰিছে ৰোহিংগিয়া (Rohingya in Assam) ৷ এইবাৰ স্থান কৰিমগঞ্জৰ বদৰপুৰ ৷ বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা আটক দুই সন্দেহজনক ৰোহিংগিয়া (Suspected Rohingya detained in Badarpur) ।

জানিব পৰা মতে, জম্মু কাশ্মীৰ পৰা এখন ৰে’লৰ জৰিয়তে বদৰপুৰলৈ আহিছিল সন্দেহজনক ৰোহিংগিয়া যুৱকদ্বয় (Suspected Rohingya detained in Karimganj) ৷ বদৰপুৰ ৰে’ল ষ্টেচনৰ এক নং প্লেটফৰ্মত ঘূৰি ফুৰা দেখি ৰে’ল আৰক্ষীৰ সন্দেহ ওপজে যুৱকদ্বয়ৰ ওপৰত ৷ তাৰ পাচতে ৰে’ল আৰক্ষীয়ে সোধ-পোচৰ বাবে আটক কৰে দুই যুৱকক ৷

আটক হোৱা যুৱকদ্বয় হ’ল জামাল হুছেইন আৰু আমিৰ হাকিম । দুজনৰ পৰা দুটা ম’বাইল ফোন, ভাৰতীয় 10,230 টকা আৰু বাংলাদেশৰ 980 টকা জব্দ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষীয়ে । তথ্য অনুসৰি, ধৃত জামাল হুছেইনৰ ঘৰ ম্যানমাৰ মনডুচা জিলাত আৰু আমিৰ হাকিমৰ ঘৰ বাঠিদং জিলাৰ নয়াপাড়া গাঁৱত ।

ৰে’ল আৰক্ষীয়ে আটকাধীন ধৃত যুৱকদ্বয়ক সমাজাই দিয়ে বদৰপুৰ আৰক্ষীৰ হাতত । অধিক তথ্যৰ বাবে বদৰপুৰ আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : বদৰপুৰত আটক 21 সন্দেহজনক বাংলাদেশীসহ ৰোহিংগিয়া নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.