ETV Bharat / state

কৰিমগঞ্জত এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - মৃতদেহ উদ্ধাৰ

বুধবাৰে পুৱাৰ ভাগত কৰিমগঞ্জৰ অৰ্জুনপুৰ গাঁৱৰ সমীপত অৱস্থিত ৰে'লপথৰ কাষত এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত ৷ সমগ্ৰ ঘটনাত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
author img

By

Published : Aug 26, 2020, 1:03 PM IST

কৰিমগঞ্জ, 26 আগষ্ট: কৰিমগঞ্জৰ অৰ্জুনপুৰ গাঁৱৰ সমীপত অৱস্থিত ৰে'লপথৰ কাষতে বুধবাৰে পুৱাৰ ভাগত উদ্ধাৰ হোৱা এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ মৃতদেহটো স্থানীয় আব্দুল শুকুৰ নামৰ লোক এগৰাকীৰ বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি লোক গৰাকীক কোনো দুৰ্বৃত্তই হত্যা কৰি সেই স্থানত পেলাই থৈ গৈছে ৷ কিয়নো লোকগৰাকীৰ মূৰত সুস্পষ্ট হৈ আছে আঘাতৰ চিন ৷

কৰিমগঞ্জত এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, ড্ৰাইভিং লাইচেঞ্চৰ লগতে গাড়ীৰ ভিন্ন নথি-পত্ৰ বনাই দিয়া কামৰ লগত জড়িত আছিল লোকগৰাকী ৷ তিনি-চাৰিদিনৰ মুৰকত লোক গৰাকী ঘৰলৈ আহে আৰু লগত লৈ আহে নগদ টকাও ৷ কিন্তু বুধবাৰে পুৱা উদ্ধাৰ হোৱা আব্দুল শুকুৰ নামৰ লোক গৰাকীৰ মৃতদেহৰ কাষত নাছিল কোনো ধৰণৰ সামগ্ৰী ৷ যাৰ বাবে টকাৰ বাবেই কোনো দুৰ্বত্তই লোক গৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

আনহাতে ঘটনাস্থলীৰ পৰা কেৱল 2 কিল'মিটাৰ নিলগত অৱস্থিত বাৰইগ্ৰাম ৰে'ল আৰক্ষীৰ কাৰ্যালয়ত ঘটনা সন্দৰ্ভে অৱগত কৰাৰ পাচতো বহু পলমকৈ ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ ৰে'ল আৰক্ষী পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ পাচত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ সম্প্ৰতি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰে'ল আৰক্ষীয়ে ৷

লগতে পঢ়ক: মালিগাঁৱত পুনৰ নাহৰফুটুকীৰ আতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.