কৰিমগঞ্জ, ১৩ নৱেম্বৰ: ধৰ্মনগৰত সোণৰ অবৈধ সৰবৰাহ। উত্তৰ ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰিলে এটা সৰবৰাহকাৰী। আৰক্ষীয়ে ধৰ্মনগৰত অভিযান চলাই নগেন্দ্ৰ দাস নামৰ সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে এটা সোণৰ বিস্কুট জব্দ কৰে।

জব্দকৃত সোণৰ বিস্কুটটোৰ মূল্য প্ৰায় ১৫ লাখ টকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। বাংলাদেশলৈ সোণখিনি সৰবৰাহ কৰাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলায়। সৰবৰাহৰ চেষ্টা কৰোতেই নগেন্দ্ৰ দাস নামৰ সৰবৰাহকাৰীটোক আৰক্ষীয়ে আটক কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে।