ETV Bharat / state

কৰিমগঞ্জত ১ কুইণ্টল ইলিছ মাছসহ এজন আটক

author img

By

Published : Nov 17, 2020, 2:24 PM IST

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত ইলিছ মাছৰ অবৈধ বেহা । মোবাৰকপুৰত ৭ নং বেটেলিয়নৰ ডি কোম্পানীৰ অভিযানত ১ কুইণ্টল ইলিছ মাছ আৰু ফেঞ্চিডাইল ঔষধৰ ৫০টাকৈ বটল জব্দ ।

কৰিমগঞ্জত ১ কুইণ্টল ইলিছ মাছ আৰু ঔষধ জব্দ

কৰিমগঞ্জ, ১৭ নৱেম্বৰ: কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত সোমবাৰে নিশা ৭ নং বেটেলিয়নৰ ডি কোম্পানীয়ে অভিযান চলায়। ডি কোম্পানীৰ দুটা দলে মোবাৰকপুৰত পৃথকে পৃথকে চলোৱা অভিযানত ১ কুইণ্টল ইলিছ মাছ আৰু ফেনছেডাইল ঔষধৰ ৫০টা বটল জব্দ হয় । অভিযানত দুখন বাহন জব্দ হোৱাৰ লগতে ফেঞ্চিডাইল ঔষধ থকা বাহনখনৰ চালকজনকো আটক কৰে অভিযানকাৰী দলে । সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা বিভাগে দিয়া খবৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল । ইলিছ মাছখিনি বাংলাদেশৰ পৰা ভাৰতলৈ চোৰাংভাৱে সৰবৰাহ কৰা হৈছিল ।

সীমান্ত অতিক্ৰম কৰাৰ পিছতে মাছখিনি এখন বাহনত বোজাই কৰি থকাৰ সময়তে জব্দ কৰা হয় । কিন্ত গাড়ীখনৰ চালক আৰু সৰবৰাহকাৰীটো পলায়ন কৰিবলৈ সক্ষম হয় । আন এক অভিযানত ভাৰতৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰা সময়তে ফেঞ্চিডাইল ঔষধৰ ৫০টা বটল এখন মাৰুতি অল্ট' বাহনৰ পৰা জব্দ কৰে । লগতে বাহনৰ চালকজনকো আটক কৰে । জব্দকৃত মাছখিনিৰ বজাৰ মূল্য প্রায় এক লাখ টকা আৰু ঔষধখিনিৰ মূল্য প্রায় ৯৫ হাজাৰ টকা। ফেঞ্চিডাইল ঔষধসহ আটক হয় বদৰপুৰৰ হুছেন আহমেদ।

লগতে পঢ়ক:বিজেপিৰ পৰা নিলম্বিত হ’ল বিতৰ্কিত নেত্ৰী দীপাঞ্জলী কাকতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.