ETV Bharat / state

সফলতা আহৰণৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে - জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়

অমৰ দাসে 87 শতাংশ নম্বৰৰ লগতে পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে । ঘৰৰ পৰা চাৰি কিলোমিটাৰ দূৰত থকা জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰতিদিনে খোজকাঢ়ি গৈছিল অমৰ ৷

সাফলতা আহৰণৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে
author img

By

Published : May 20, 2019, 5:24 PM IST

কৰিমগঞ্জ, 20 মে’: কৰিমগঞ্জৰ এগৰাকী মেধাবী ছাত্ৰ, দেউতাক এগৰাকী সাধাৰণ পাচলি বিক্ৰেতা । কোনোমতে ঘৰ সংসাৰ চলাই গৈছে দেউতাকে । দেউতাকৰ পাচলি খেতিত সহায় কৰাৰ লগতে নিজৰ পঢ়া-শুনা চলাই গৈছিল কৰিমগঞ্জৰ ইলাশপুৰ পঞ্চায়তৰ তেঘৰীয়া গাঁও নামৰ এটা ভিতৰুৱা অঞ্চলৰ সুশীল দাস আৰু শিপ্ৰা ৰাণী দাসৰ পুত্ৰ অমৰ দাসে । অমৰ দাসে 87 শতাংশ নম্বৰৰ লগতে পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে । ঘৰৰ পৰা চাৰি কিলোমিটাৰ দুৰত থকা জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰতিদিনে খোজকাঢ়ি গৈছিল অমৰ ৷ কেৱল গণিত আৰু বিজ্ঞান বিষয়ত শিক্ষকৰ বাহিৰে আন কোনো বিষয়ৰ শিক্ষক যোগান ধৰিব পৰা নাছিল অমৰৰ পিতৃয়ে ।

সাফলতা আহৰণৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে

লগতে পঢ়ক: ভাং সৰবৰাহকাৰীৰ বিৰুদ্ধে দৰঙত আৰক্ষীৰ অভিযান

নিশা কেৱল দুঘন্টা পঢ়া-শুনা কৰি কৃতিত্ব লাভ কৰা অমৰৰ সপোন এজন ইঞ্জিনিয়াৰ হোৱা । বৰ্তমানো পিতৃৰ লগত খেতিত ব্যস্ত ছাত্ৰজন ৷ চৰকাৰৰ ফালৰ পৰা বৰ্তমানো কোনো সাহায্য পোৱা নাই এই মেধাবী ছাত্ৰজনে ।

Intro:কৰিমগঞ্জৰ এগৰাকী মেধাবী ছাত্ৰBody:SLUG : POOR STUDENT.

দেউতা এগৰাকী পাচলি বিক্ৰেতা । কোনোমতে ঘৰ সংসাৰ চলাই গৈছে দেউতাই । দেউতাক পাচলি খেতিত সহায় কৰাৰ লগতে নিজৰ পঢ়া-শুনা চলাই গৈছিল কৰিমগঞ্জৰ ইলাশপুৰ পঞ্চায়তৰ তেঘৰীয়া গাঁও নামৰ এটা ভিতৰুৱা অঞ্চলৰ সুশীল দাস আৰু শিপ্ৰা ৰানী দাসৰ পুত্ৰ অমৰ দাসে । কিন্তু সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে এলেকাটোত আজিৰ তাৰিখত এক জনপ্ৰিয় নাম হৈ পৰিছে অমৰ দাস নামৰ ছাত্ৰজন । কিয়নো অমৰ দাসে 87 শতাংশ নম্বৰৰ লগতে  পাঁচটা বিষয়ত লেটাৰ মাৰ্কচ লাভ কৰিবলৈ সক্ষম হৈছে । ঘৰৰ পৰা চাৰি কিলোমিটাৰ দুৰত থকা জফৰগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খোজকাঢ়ি প্ৰতিদিনাই বিদ্যালয়ত গৈছিল অমৰ দাস । আৰু অমৰ দাসৰ দেউতাই পুত্ৰৰ কাৰনে কেৱল গণিতৰ শিক্ষকৰ বাহিৰে আন কোনো বিষয়ৰ শিক্ষক যোগান ধৰিব পৰা নাছিল । নিশা কেৱল দুঘন্টা পঢ়া-শুনা কৰি কৃতিত্ব লাভ কৰা অমৰ দাসৰ স্বপোন তেওঁ এজন ইঞ্জিনিয়াৰ হব । দৰিদ্ৰ পিতৃৰ উপৰত আজিও ভৰষা আছে অমৰ দাসৰ । পিছে অমৰ দাসৰ কৃতিত্বৰ কথা গম পাই সংবাদ মাধ্যম গৈ উপস্থিত হৈছিল দৰিদ্ৰ সেই মেধাবি ছাত্ৰৰ ঘৰত । কিন্তু সেই সময়তো অমৰ দাস আছিল খেতিপথাৰত । সংবাদ মাধ্যম ঘৰত আহিছে শুনি দৌৰি আহিলে নিজ ঘৰলৈ আৰু নিজৰ মনৰ কথা ক'লে আমাৰ কেমেৰাৰ আগত  । কী কৈছিল মেধাবি সেই দৰিদ্ৰ ছাত্ৰই
Conclusion:কিন্তু আজি লৈকে চৰকাৰৰ ফালৰ পৰা কোনো সা সাহায্য পোৱা নাই এই মেধাবী ছাত্ৰজনে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.