দক্ষিণ কৰিমগঞ্জ, 21 মাৰ্চ : মহামাৰী ক'ৰণা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে ক'ৰণা ভাইৰাছৰ সজাগতা সৃষ্টিৰ বাবে গ্ৰহন কৰা হৈছে বিভিন্ন ধৰণৰ পদক্ষেপ । এনে সময়তে কৰিমগঞ্জ জিলাৰ পণ্ডিত দীন দয়াল উপাধ্যায় মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীসকলে গাঁৱে গাঁৱে গৈ সজাগতা অভিযান চলাইছে |
আনহাতে, মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলেও গৱেষণাগাৰত নিজা পদ্ধতিৰে প্ৰস্তুত কৰি উলিয়াইছে ছেনিটাইজাৰ আৰু মাক্স | সজাগতাৰ বাবে তেওঁলোকে ৰাইজৰ ঘৰত উপস্থিত হৈ মাক্স আৰু ছেনিটাইজাৰ প্ৰদান কৰাৰ লগতে ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা হাতত লৈছে ৷