ETV Bharat / state

মিচন 100+ৰ লক্ষ্যৰে কৰিমগঞ্জত নিৰ্বাচনী ৰণডংকা বজাইছে ৰণজিৎ দাসে

কৰিমগঞ্জ জিলাৰ সমষ্টিয়ে সমষ্টিয়ে বিগত দুদিন ধৰি তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাৰ সৈতে মিলিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস ৷ কেনেদৰে বিজেপি দলে মিচন 100+ সফল কৰিব পাৰে সেই সন্দৰ্ভত তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে ৷

ranjit das at karimganj
কৰিমগঞ্জত ৰণজিৎ দাস
author img

By

Published : Jan 29, 2021, 8:58 PM IST

কৰিমগঞ্জ,29 জানুৱাৰী : 21ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণডংকা । ইফালে কৰিমগঞ্জ জিলাৰ সমষ্টিয়ে সমষ্টিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে বিগত দুদিন ধৰি তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাৰ সৈতে মিলিত হৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷

সমাগত বিধানসভা নিৰ্বাচনত কেনেদৰে বিজেপি দলে মিচন 100+ সফল কৰিব পাৰে সেই সন্দৰ্ভত তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যিক বিজেপি সভাপতি দাসে ৷ জিলাখনত শুকুৰবাৰে সভাপতিগৰাকীৰ আছিল তৃতীয়টো দিন ৷

কৰিমগঞ্জত ৰণজিৎ দাস

দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৃষ্ঠপোষকৰ সৈতে এক সভাত মিলিত হৈ প্ৰতিগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মীক চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনি সন্দৰ্ভত খতিয়ান লয় সভাপতি দাসে ৷ এইবাৰ বিজেপিৰ মূল লক্ষ্য হৈছে 96 লাখ হিতাধিকাৰী ৷

প্ৰতিখন সভাৰ দৰে দক্ষিণ কৰিমগঞ্জৰ সভাতো তেওঁ কেনেদৰে বিজেপিসহ মিত্ৰ দলে 103 খন আসন লাভ কৰিব, সেই সন্দৰ্ভত মন্তব্য কৰে । উল্লেখ্য যে, দক্ষিণ কৰিমগঞ্জ সমষ্টিত 1991 চনত অন্তিমবাৰৰ বাবে বিজেপি দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল । 2016 চনৰ নিৰ্বাচনৰ সময়ত বিজেপি দলে দক্ষিণ কৰিমগঞ্জ সমষ্টি উদ্ধাৰ কৰিব নোৱাৰিলে বুলি পৃষ্ঠপোষক সভাত মন্তব্য আগবঢ়ায় ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ দাসে ৷

লগতে পঢ়ক : বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ শুভাৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.