ETV Bharat / state

কৰিমগঞ্জৰ এটা ইটা ভাটাৰ পৰা 22 দিনে আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ

কৰিমগঞ্জৰ কায়স্থগ্ৰামৰ এটা ইটা ভাটাত 22 দিনে আৱদ্ধ শিশু, মহিলা আৰু শ্ৰমিক সহ সাত গৰাকীকৈ লোক ৷ ধুবুৰী আৰক্ষী আৰু নিলামবজাৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ আৱদ্ধ লোক কেইগৰাকী ৷

seven people rescued from a brick kiln in karimganj
কৰিমগঞ্জৰ এটা ইটা ভাটাত 22 দিনে আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ
author img

By

Published : Apr 24, 2021, 7:28 PM IST

কৰিমগঞ্জ, 24 এপ্ৰিল: 22 দিন ধৰি এটা ইটা ভাটাৰ কোঠাত আৱদ্ধ হৈ থকা সাত গৰাকী লোকক উদ্ধাৰ ৷ ধুবুৰী আৰক্ষী আৰু নিলামবজাৰ আৰক্ষীৰ সহযোগত কৰিমগঞ্জৰ কায়স্থগ্ৰামৰ ছলিড ইটা ভাটাৰ এটা কোঠাৰ পৰা শিশু, মহিলা আৰু শ্ৰমিক সহ মুঠ সাত গৰাকী লোকক উদ্ধাৰ কৰা হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি উদ্ধাৰ হোৱা সাত গৰাকী লোকৰ ভিতৰত এজন পুৰুষ আৰু দুগৰাকী মহিলা ইটা ভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল ৷ উদ্ধাৰ হোৱা লোক কেইজন ছকিনা বিবি, ৰেহানা বিবি আৰু নুৰ জামাল বুলি জানিব পৰা গৈছে ৷ তেওঁলোকৰ সৈতে আৰক্ষীয়ে চাৰিটা শিশুকো উদ্ধাৰ কৰে ৷

কৰিমগঞ্জৰ এটা ইটা ভাটাত 22 দিনে আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ

অভিযোগ অনুসৰি বিগত 22 দিন ধৰি এটা কোঠাৰ ভিতৰত তেওঁলোকক আৱদ্ধ কৰি ৰখা হৈছিল ৷ ইটা ভাটাৰ মালিক আলা উদ্দিনৰ বিৰুদ্ধে শ্ৰমিক সকলক বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷ শ্ৰমিক কেইজনৰ চৰ্দাৰৰ লগত ইটা ভাটাটোৰ মালিকৰ আৰ্থিক লেনদেনৰ বাবে শ্ৰমিক কেইজনক আৱদ্ধ কৰি ৰখা বুলি সন্দেহ কৰা হৈছে ৷ উদ্ধাৰ হোৱা শ্ৰমিক কেইজন ধুবুৰী জিলাৰ গৌৰীপুৰ এলেকাৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কাছাৰৰ লায়লাপুৰত গুলীচালনা: আহত বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.