কৰিমগঞ্জ, 5 ফেব্ৰুৱাৰী: কৰিমগঞ্জৰ চেৰাগী জিলা পৰিষদৰ সদস্য দিজেন্দ্ৰ ৰায় শৰ্মাৰ বৃহস্পতিবাৰে 72 বছৰ বয়সত মৃত্যু হয় ৷ শিলচৰৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাতে মৃত্যু মুখত পৰে সদস্য গৰাকী ৷ দীৰ্ঘদিনৰ পৰা বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল দিজেন্দ্ৰ ৰায় শৰ্মা। উল্লেখ্য যে, জিলা পৰিষদৰ সদস্য গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ আৰু সাংসদ কৃপানাথ মাল্লাই ৷ শুকুৰবাৰে নিজ বাসভৱনতে সম্পন্ন কৰা হ'ব সদস্য গৰাকীৰ অন্তোষ্টিক্ৰিয়া
লগতে পঢ়ক: ধেমাজিত পৰিত্যক্ত গৃহলৈ ৰূপান্তৰ হৈছে আন্তঃজিলা বাছ আস্থান