ETV Bharat / state

ৰাতাবাৰী সমষ্টিত এমজিএনৰেগা আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ - এমজিএনৰেগা আঁচনি

এমজিএনৰেগা আঁচনিৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে ৰাতাবাৰী সমষ্টিৰ ভিন্ন পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে ৷ অঞ্চলটোত হৈ থকা এনে দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত গ্ৰহণ কৰিবলৈ দাবী স্থানীয় লোকৰ ৷

এমজিএনৰেগা আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ
এমজিএনৰেগা আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Sep 6, 2020, 4:41 PM IST

কৰিমগঞ্জ, 6 ছেপ্তেম্বৰ: ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত দুৰ্লভছড়া উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত সমূহত এমজিএনৰেগা আঁচনিৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে ৷ অপ্ৰয়োজনীয় প্ৰকল্পৰ নামত জবকাৰ্ডৰ জৰিয়তে লুণ্ঠন চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ একাংশ পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ জব কাৰ্ডৰ শ্ৰমিকৰ সলনি মেচিন লগাই চলিছে প্ৰকল্পৰ কাম ৷

ৰাতাবাৰী সমষ্টিত এমজিএনৰেগা আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

সেইবাবে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত শাসকীয় দলৰ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে স্থানীয় ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ আনকি দলীয় কৰ্মীও প্ৰতিবাদত নামিল প্ৰতিনিধিসকলৰ বিৰুদ্ধে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি, এনে দুৰ্নীতি সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগনামা দাখিল কৰাৰ পাচতো নিৰব ভুমিকা পালন কৰিছে কৰ্তৃপক্ষই ৷ প্ৰতিবাদকাৰী সকলে এনে বৃহত্তৰ অঞ্চলটোত হৈ থকা এনে দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত গ্ৰহণ কৰিবলৈ দাবী জনায় সংবাদ মাধ্যমযোগে ৷

লগতে পঢ়ক: জনজাতিকৰণৰ দাবীৰে সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.