পাথাৰকান্দি, 20ফেব্ৰুৱাৰী: শুকুৰবাৰে নিশা পাথাৰকান্দি বাইপাছত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । নিশা ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে এখন অটো ৰিক্সাই । যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় অটো ৰিক্সাৰ চালক সহ তিনিজন যাত্ৰী । প্ৰাপ্ত তথ্য অনুসৰি, অটো ৰিক্সাৰ চালক আৰু এগৰাকী যাত্ৰীৰ অৱস্থা অতিকৈ সংকটজনক ৷ আহত লোক সকলক নিশাই উন্নত চিকিৎসাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয় আৰু শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
উল্লেখ্য যে, পাথাৰকান্দি বাইপাছ মুকলি কৰাৰ পাছৰ পৰাই সঘনে এই বাইপাছত সংঘটিত হ’বলৈ ধৰিছে পথ দুৰ্ঘটনা ৷ প্ৰায় ডেৰ মাহ পূৰ্বে আনুষ্ঠানিক ভাৱে মুকলি হোৱা পথটোৱে ইতিমধ্যে প্ৰাণ কাঢ়িছে বহু লোকৰ । এই পথ দুৰ্ঘটনাৰ সন্দৰ্ভত কৰিমগঞ্জ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়কঃ বকোত নিষিদ্ধ আফিং খেতি উৎখাত