বদৰপুৰ, 14 জুনঃ বদৰপুৰৰ 6নং ৰাষ্ট্ৰীয় ঘাইপথ দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ শুকুৰবাবে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তাৰ ছয় ঘণ্টাৰ পাচতেই কৰিমগঞ্জৰ লামাজুয়াৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত আহত হয় ছয় জনকৈ লোক ৷
জানিব পৰা মতে শুকুৰবাৰে পুৱা এঘাৰ বজাত মদনমোহনৰ পৰা কৰিমগঞ্জৰ অভিমুখে গৈ থকা সময়ত এখন ক্ৰুইজাৰ গাড়ী নিয়ন্ত্ৰণ হেৰাই 6 নং ৰাষ্ট্ৰীয় ঘাইপথ লামাজুয়াৰৰ পথাৰত পানীত বাগৰি পৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় ছয় জন যাত্ৰী ৷ স্থানীয় ৰাইজ আৰু বদৰপুৰ ট্ৰেফিক আৰক্ষীৰ সহযোগত আহতসকলক কৰিমগঞ্জৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।