কৰিমগঞ্জ, 24 এপ্ৰিল : বুধবাৰে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় কৰিমগঞ্জৰ চাৰিটাকৈ ভোটকেন্দ্ৰত । পুৱা সাত বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণত চাৰিওটা কেন্দ্ৰতে সৰ্বমুঠ ভোটাধিকাৰ সাব্যস্ত কৰে 65.98 শতাংশ ভোটাৰে ৷ বিয়াগোম বিসংগতিৰ ফলতেই পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা কেন্দ্ৰ চাৰিটাত ক্ৰমে 105 নং বাটইয়া এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত 55.95%, 134 নং গন্দর্ভখানি এল পি স্কুলত 68.37%, 152 নং আতানগৰত 71.25% আৰু 153 নং আতানগৰত 68.35 শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ ৷
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/images/3096792_t.jpg)