ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী সন্দৰ্ভত সৰৱ বিধানসভাৰ মজিয়া

author img

By

Published : Sep 2, 2020, 3:29 PM IST

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ বিষয়টোৱে অৱশেষত স্থান লাভ কৰিলে বিধানসভাৰ মজিয়াত ৷ বিষয়টি সদনৰ মজিয়াত উত্থাপন কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ বিধায়ক পুৰকায়স্থই সমগ্ৰ বিষয়টো সদনত উপস্থাপন কৰি চি বি আই তদন্তৰ দাবী তোলে ৷

Reaction of MLA kamalakhya dey purakayostha in Minority Student Scholarship Scandal karimganj assam etv bharat news
উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

কৰিমগঞ্জ,2 চেপ্তেম্বৰ: ৰাজ্যজুৰি সংঘটিত হোৱা সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ বিষয়ে স্থান লাভ কৰিলে বিধানসভাৰ মজিয়াত ৷ বিষয়টি সদনৰ মজিয়াত উত্থাপন কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ এই কেলেংকাৰীৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে পৃথক পৃথকে ৰুজু কৰা হৈছিল গোচৰ ৷ কিন্তু এই গোচৰ ৰুজু হোৱাৰ দীৰ্ঘদিন অতিবাহিত হোৱাৰ পিছতো আৰক্ষীয়ে এইক্ষেত্ৰত গ্ৰহণ নকৰিলে কোনো ধৰণৰ ব্যৱস্থা ৷ বিধায়ক পুৰকায়স্থই 2016 চনত গঠিত হোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে দুৰ্নীতিমুক্ত, শোষণমুক্ত ৰাজ্য গঢ় দিয়াৰ পোষকতা কৰিছিল বুলি প্ৰকাশ কৰে ৷ কিন্তু ইয়াৰ মাজতে সমগ্ৰ অসমত সংঘটিত হৈছে এই বৃত্তিৰ নামত কেলেংকাৰী ৷ এই বৃত্তিৰ বাবদ অনলাইনযোগে সকলো প্ৰ-পত্ৰৰ লগতে ধনৰাশি জমা হৈছিল ৷ কিয়নো অনলাইন ব্যৱস্থাত এই আঁসোৱাহ কম পৰিমাণে সংঘটিত হোৱাৰ আশংকা থাকে ৷

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী সন্দৰ্ভত সৰৱ বিধানসভাৰ মজিয়া

বিধায়কগৰাকীয়ে এই সন্দৰ্ভত দুখনকৈ বিদ্যালয় পৰিদৰ্শন কৰি বিষয়টোৰ বুজ লৈছিল ৷ বিদ্যালয়সমূহে গুৱাহাটীস্থিত শিক্ষা বিভাগৰ মুখ্য কাৰ্যালয়ৰ একাংশ বিষয়াৰ সৈতে বুজাবুজিৰ ভিত্তিত এই দুৰ্নীতি চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷ সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ নামত সংঘটিত দুৰ্নীতিৰ প্ৰতিবাদত বিগত সময়ছোৱাত কৰিমগঞ্জ শিক্ষা পৰিদৰ্শকৰ কার্যালয়ৰ সম্মুখত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্য কেইবাটাও সংগঠনে ৷ বিধায়ক পুৰকায়স্থই সমগ্ৰ বিষয়টো সদনত উপস্থাপন কৰি চিবিআই তদন্তৰ দাবী তোলে ৷ লগতে পৰৱৰ্তী সাত দিনৰ ভিতৰত এই বিষয়ৰ উচিত ফলাফল লাভ কৰাৰ আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

লগতে চাওকঃ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.