ETV Bharat / state

পথ নিৰ্মাণৰ নামত ৰাতাবাৰীত ব্যাপক দুৰ্নীতি ! - গড়কাপ্তানি বিভাগত কেলেংকাৰী

প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ নামত ৰাতাবাৰী সমষ্টিত ব্যাপক দুৰ্নীতি । কাম নকৰাকৈ বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰে লুটিলে চৰকাৰী ধন । ঠিকাদাৰ জুনেল আহমেদৰ বিৰুদ্ধে কাম নকৰাকৈ চৰকাৰী আঁচনিৰ ধন লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে । ঘটনা সন্দৰ্ভত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে সমষ্টিৰ বিধায়ক বিজয় মালাকাৰে ।

পথ নিৰ্মাণৰ নামত ৰাতাবাৰী সমষ্টিত সংঘটিত ব্যাপক দুৰ্নীতি
পথ নিৰ্মাণৰ নামত ৰাতাবাৰীত ব্যাপক দুৰ্নীতি !
author img

By

Published : Oct 1, 2020, 12:44 PM IST

কৰিমগঞ্জ, 1 অক্টোবৰ : ৰাতাবাৰী সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । কাম নকৰাকৈ বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰে লুটিলে চৰকাৰী ধন । ঠিকাদাৰ জুনেল আহমেদৰ বিৰুদ্ধে কাম নকৰাকৈ চৰকাৰী আঁচনিৰ ধন লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে এই সন্দৰ্ভত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে সমষ্টিটোৰ বিধায়কগৰাকীয়ে ৷

অভিযোগ অনুসৰি ৰাতাবাৰী সমষ্টিৰ আনিপুৰৰ পৰা আন্দুৰপাৰ পৰ্যন্ত পকী পথ নিৰ্মাণৰ বাবে PMGSY আঁচনিৰ অন্তৰ্গত 1 কোটি 55 লাখ টকা আৱণ্টন দিয়া হৈছিল । এই কামৰ ঠিকা লাভ কৰিছিল বিধায়কৰ ঘনিষ্ঠ জুনেল আহমেদ নামৰ এগৰাকী ঠিকাদাৰে । পথটোৰ 2,400 মিটাৰ অংশ নিৰ্মাণৰ কথা আছিল যদিও ৰহস্যজনকভাৱে কেৱল 800 মিটাৰ অংশৰ কাম সম্পন্ন হোৱাৰ পিছত নিৰ্মাণৰ কাম বন্ধ হৈ পৰে । ৰাইজে ভাবিছিল হয়তো আকৌ আৰম্ভ হ'ব নিৰ্মাণৰ কাম । কিন্তু ছাত্ৰ সংগঠন NSUIয়ে বিষয়টোৰ সন্দৰ্ভত নিজাকৈ তদন্ত কৰাতহে ওলাই পৰে আচল ৰহস্য । মূলত আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰে ধন আত্মসাৎ কৰা তথ্য পোহৰলৈ আহিছে ।

পথ নিৰ্মাণৰ নামত ৰাতাবাৰীত ব্যাপক দুৰ্নীতি !

আনহাতে পথটোৰ দুৰাৱস্থাৰ কাৰনে ৰাইজে যমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে । উল্লেখযোগ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জত উপস্থিত হৈ বৰাক উপত্যকাৰ ভিতৰত গড়কাপ্তানি বিভাগত সৰ্বাধিক কেলেংকাৰী ৰাতাবাৰী সমষ্টিত সংঘটিত হৈছে বুলি ঘোষণা কৰিছিল । আনকি দুৰ্নীতি কৰা কোনো বিষয়া বা ঠিকাদাৰ সাৰি যাব নোৱাৰে বুলিও কৰিছিল মন্তব্য ; অথচ কেলেংকাৰীৰ কোনো তদন্ত আজিলৈকে ঘোষণা নকৰিলে ।

যাৰ পৰৱৰ্তী সময়ত একাংশ দল সংগঠনৰ নিজাববীয়া তদন্তত নিতৌ পোহৰলৈ আহিছে ৰাতাবাৰী সমষ্টিত সংঘটিত কেলেংকাৰীৰ ক'লা অধ্যায় সমূহ। এইখিনিতে প্ৰশ্ন উত্থাপিত হয় যে, চৰকাৰী ধন আত্মসাৎ কৰা ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিব ? নে কেলেংকাৰীৰ ভাগ দিছপুৰলৈকে যায় ? যাৰ ফলত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে সমষ্টিৰ বিধায়ক বিজয় মালাকাৰেও ।

লগতে পঢ়ক : অৱশেষত জালত পৰিল দ্বিবন ডেকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.