ETV Bharat / state

কৰিমগঞ্জৰ ৰাতাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি - ৰাতাবাৰী গাঁও পঞ্চায়ত

কৰিমগঞ্জৰ ৰাতাবাৰী গাঁও পঞ্চায়তলৈ কেলেংকাৰীৰ তদন্তৰ বাবে যোৱা চৰকাৰী বিষয়াৰ সন্মুখতে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে একাংশ লোকে । তদন্ত প্ৰক্ৰিয়াত বাধা প্ৰদান কৰি হতাহতিত লিপ্ত হয় অভিযোগকাৰী আৰু অভিযুক্ত ফৈদ । প্ৰায় দুই কোটি টকাৰ কেলেংকাৰীৰ তদন্তৰ বাবে ৰাতাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ গৈছিল বিভাগীয় বিষয়া এছ এ লস্কৰ ।

কৰিমগঞ্জৰ ৰাতাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jan 8, 2021, 3:06 PM IST

Updated : Jan 8, 2021, 3:37 PM IST

কৰিমগঞ্জ, ৮ জানুৱাৰী: কৰিমগঞ্জৰ ৰাতাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । হতাহতিত লিপ্ত হয় দুই ফৈদ । ৰাতাবাৰী গাঁও পঞ্চায়তৰ সভাপতি নুৰুল ইছলামৰ বিৰুদ্ধে প্ৰায় দুই কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে । এই অভিযোগৰ পিছতে কেলেংকাৰীৰ তদন্তৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া এছ এ লস্কৰে আজি ৰাতাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হয় ।

কৰিমগঞ্জৰ ৰাতাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

স্থানীয় লোকে প্ৰকাশ কৰা মতে,বিষয়াগৰাকী দিনৰ ১২ বজাত পঞ্চায়তৰ কাৰ্যালয়লৈ যোৱাৰ কথা আছিল যদিও তেওঁ পুৱাই কাৰ্যালয়ত উপস্থিত হয় । সেই সময়ত তেওঁৰ লগত আছিল ৰাতাবাৰী গাঁও পঞ্চায়তৰ সভাপতি নুৰুল ইছলাম । ইয়াৰ পিছতে অভিযোগকাৰী লোকসকলে বিষয়াগৰাকীৰ আগত কেলেংকাৰীৰ তথ্য দাঙি ধৰিব বিচৰাত সভাপতি নুৰুল ইছলামৰ পক্ষত থকা লোকে অভিযোগকাৰীসকলক আক্ৰমণ কৰে । হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত তদন্তৰ দায়িত্বত থকা বিষয়া এছ এ লস্কৰে সেই স্থান ত্যাগ কৰে । পিছত অভিযোগকাৰীসকলে পঞ্চায়তৰ কাৰ্যালয়ৰ সম্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি আকৌ পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

হতাহতিত লিপ্ত হয় অভিযোগকাৰী আৰু অভিযুক্ত ফৈদ

তেওঁলোকে অভিযোগ উত্থাপন কৰে যে,তদন্তৰ দায়িত্বত থকা বিষয়াজনে সভাপতি নুৰুল ইছলামৰ সৈতে বুজা-বুজি কৰি নিৰ্দিষ্ট সময়ৰ পূৰ্বে আহি সমগ্ৰ কেলেংকাৰীৰ তথ্য গাপ দিয়াৰ চেষ্টা চলাইছিল । সেয়ে,সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে,ৰাতাবাৰী গাঁও পঞ্চায়তৰ সভাপতি নুৰুল ইছলামে পঞ্চায়তৰ সচিব আৰু দুৰ্লভছড়া উন্নয়ন খণ্ডৰ বিষয়াৰ সৈতে লগ হৈ প্ৰায় দুই কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰিছিল ৰাইজে ।
PLEASE CHANGE THUMBNAIL IMAGE

লগতে পঢ়ক:11 জানুৱাৰীত অসমত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

Last Updated : Jan 8, 2021, 3:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.