ETV Bharat / state

কৰিমগঞ্জত ৰেগিঙৰ নামত ছাত্ৰক নিৰ্যাতন

author img

By

Published : Aug 28, 2019, 11:07 AM IST

ছাত্ৰগৰাকীৰ অভিযোগ অনুসৰি তেওঁক একাংশ জেষ্ঠ ছাত্ৰই বিদ্যালয়ৰ নিলগিৰী হাউচ'লৈ মাতি নি ৰেগিঙৰ নামত শাৰিৰীক নিৰ্যাতন চলাই আৰু বেল্টৰে প্ৰহাৰ কৰে ৷ যাৰ ফলত ছাত্ৰ গৰাকী বৰ্তমানে অসুস্থ হৈ পৰিছে ৷

ৰেগিঙৰ নামত ছাত্ৰক নিৰ্যাতন

কৰিমগঞ্জ , 28 আগষ্টঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰেগিঙৰ দৰে ভয়ংকৰ ঘটনা৷ কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰৰ হৰিনগৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিঙৰ নামত জেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷

ৰেগিঙৰ নামত ছাত্ৰক নিৰ্যাতন

ছাত্ৰ গৰাকীৰ অভিযোগ অনুসৰি, তেওঁক একাংশ জেষ্ঠ ছাত্ৰই বিদ্যালয়ৰ নিলগিৰী হাউচ'লৈ মাতি নি ৰেগিঙৰ নামত শাৰিৰীক নিৰ্যাতন চলাই আৰু বেল্টৰে প্ৰহাৰ কৰে ৷ যাৰ ফলত ছাত্ৰ গৰাকী বৰ্তমানে অসুস্থ হৈ পৰিছে ৷ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচত নিৰ্যাতিত ছাত্ৰ গৰাকীৰ পিতৃ সফিক উদ্দিনে ৰামকৃষ্ণনগৰ আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰে ৷ উল্লেখ্য যে জৱাহৰ নবোদয় বিদ্যালয়ত এনে ঘটনা পূৰ্বতেও সংঘটিত হৈছে ৷ আনকি ৰেগিঙৰ বলি হোৱা আন এগৰাকী ছাত্ৰ বৰ্তমানে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ৷ ইপিনে বিদ্যালয়খনত নিতৌ এনে ঘটনা সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত বিদ্যালয় কৃতপক্ষই কোনো ব্যৱস্থা গ্ৰহন নকৰাৰো অভিযোগ কৰে ভুক্তভোগী সকলে ৷

Intro:এইবাৰ কৰিমগঞ্জত ৰেগিংBody:SLUG : RIGGING. 

ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰিগিং'ৰ দৰে ভয়ংকৰ ঘঠনা । ৰিগিং'ৰ নামত জেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰৰ উপৰত চলাইছে শাৰিৰীক নিৰ্যাতন । এইবাৰ এই ৰিগিং'ৰ ঘঠনা সংঘটিত হৈছে কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰৰ হৰিনগৰ জওহৰ নবোদয় বিদ্যালয়ত । আৰু এই ঘঠনাৰ পৰিপ্ৰেক্ষিতত ৰিগিং'ৰ বলি হোৱা ছাত্ৰৰ অভিভাৱকে ৰামকৃষ্ণনগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ।

ইফতিকাৰ আলম নামৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰক তেওঁৰে একাংশ চিনিয়ৰে বিদ্যালয়ৰ নিলগিৰী হাউজ'ত মাতি নি ৰিগিং'ৰ নামত চলাইছিল শাৰিৰীক নিৰ্যাতন । আনকি বেল্টৰে প্ৰহাৰ পৰ্যন্ত কৰা হৈছিল । যাৰ ফলত ছাত্ৰ গৰাকী বৰ্তমানে অসুস্থ হৈ পৰিছে । আৰু সমগ্ৰ ঘঠনা পুহৰলৈ অহাৰ পিছত নিৰ্যাতিত  ছাত্ৰ গৰাকীৰ পিতৃ তথা ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাতায়ালা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সফিক উদ্দিনে ৰামকৃষ্ণনগৰ আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছে । উল্লেখযোগ্য যেন জওহৰ নবোদয় বিদ্যালয়ত সঘনাই সংঘটিত হৈ আহিছে ৰিগিং'ৰ ঘঠনা । আনকি ৰিগিং'ৰ বলি হোৱা আন এগৰাকী ছাত্ৰ বৰ্তমানে শিলচৰ মেডিকেল কলেজ হস্পিটালত ভৰ্তি হৈ আছে । নিতৌ এনে ঘঠনা সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত বিদ্যালয় কৃতপক্ষৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী সকলে  । ঘঠনা সন্দৰ্ভত ৰিগিং'ৰ বলি হোৱা ছাত্ৰ গৰাকীয়ে কয়.....Conclusion:পিছে কিমান দিন ছাত্ৰছাত্ৰীৰ জীৱন লৈ ৰেগিংৰ নামত এই ভয়ংকৰ ঘটনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.