ETV Bharat / state

নিৰ্মীয়মান পথ জহি-খহি যোৱাত খৰ্গগ্ৰস্ত কৰিমগঞ্জবাসী

author img

By

Published : May 29, 2021, 4:03 PM IST

কৰিমগঞ্জত লোক নিৰ্মান বিভাগত অব্যাহত আছে ঠিকাদাৰৰ মৈমতালি । এইবাৰ নিৰ্মাণৰ কাম চলি থকা এটি পথ এফালৰ পৰা জহি খহি যোৱা পৰিলক্ষিত হৈছে । ঠিকাদাৰে নিম্নমানৰ কাম চলাই যোৱাৰ বাবে এনে অবস্থা হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ ।

নিৰ্মীয়মান পথ জহি-খহি যোৱাত খৰ্গগ্ৰস্ত কৰিমগঞ্জবাসী
নিৰ্মীয়মান পথ জহি-খহি যোৱাত খৰ্গগ্ৰস্ত কৰিমগঞ্জবাসী

কৰিমগঞ্জ, 29 মে’: দুনীতিৰ বিৰুদ্ধে সৰৱ হৈ আছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত গোকিলাৰ আৰু ভুৰাংগা গাঁৱৰ ৰাইজে ৷ এই গাঁৱৰ ৰাইজে প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ কামত হোৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৷

ৰাইজে অভিযোগ কৰা অনুসৰি, গোকিলাৰ পৰা ভুৰাংগা গাঁও লৈকে নিৰ্মীয়মান প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ কৰিছে ঠিকাদাৰ প্ৰতাপ সিন্হাই । প্ৰায় 4.5 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান পথচোৱা আধাতেই জহি-খহি যাবলৈ ধৰিছে ৷

নিৰ্মীয়মান পথচোৱাৰ এই অৱস্থা দেখি ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী ৷ উপায়ন্তৰ হৈ অঞ্চলবাসী ৰাইজে নিৰ্মীয়মান পথচোৱাৰ ওপৰতে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনকি বন্ধ কৰি দিয়ে পথ নিৰ্মাণৰ কামো ৷ বিভাগীয় তদন্ত নোহোৱালৈকে কাম কৰিবলৈ দিয়া নহ'ব বুলিও মন্তব্য প্ৰকাশ কৰিছে অঞ্চলবাসী ৰাইজে ।

লগতে পঢ়ক: তিনিদিন ধৰি বিদ্যুতে জ্বলা-কলা খুৱাইছে হেলেমবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.