কৰিমগঞ্জ , 28 জানুৱাৰী : কৰিমগঞ্জত পথ নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ-শ ৰাইজ । বিৰোধী দলৰ কেইবাজনো নেতাই পথ নিৰ্মাণত বাধা দিয়াৰ ফলত বন্ধ আছে কৰিমগঞ্জৰ কালাছৰাৰ পৰা ছাগলমোয়াৰ পথৰ নির্মাণ কাৰ্য । ফলত মঙলবাৰে প্ৰতিবাদী সমদল উলিয়াই ৰাজপথ কঁপাই তোলে স্থানীয় ৰাইজে ৷ দুস্কৃতিকাৰীসকলে পথ লৈ কৰা ৰাজনীতি নচলিব, বিজেপি জিন্দাবাদ আদি শ্ল'গানেৰে কঁপাই তোলে ৰাজপথ । কেইবাহাজাৰ লোকৰ দীৰ্ঘদিনৰ দাবীৰ পিছত বিধায়ক কৃষ্ণেন্দু পালৰ প্ৰচেষ্টাত 68 লাখ টকা আৱন্টন হয় আৰু এই পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে বুলি ৰাইজে মন্তব্য কৰে । কিন্তু নিৰ্মাণ কার্য চলি থকা সময়ত কিছু কংগ্ৰেছ কৰ্মীয়ে নিৰ্মাণ কাৰ্যত বাধা আৰোপ কৰে । ফলত মঙলবাৰে স্থানীয় ৰাইজে সমদল উলিয়াই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ।
আৰু পঢ়ক : কৰিমগঞ্জত এমজিএনৰেগাৰ নামত ব্যাপক দুৰ্নীতি