কৰিমগঞ্জ, 28 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drug Mission) ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই বহুসংখ্যক নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে ৷ ইয়াৰ মাজতে BSFৰ 1st বেটেলিয়ান তথা বদৰপুৰ আৰক্ষীয়ে যৌথ অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drug Peddler Arrested by Badarpur Police) ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১৬৪০ টা নিচাজাতীয় টেবলেটসহ ডেৰ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে (Psychotropic Drugs Seized at Karimganj) ৷
এক গোপন তথ্যৰ ভিত্তিত বদৰপুৰ আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীসহ আব্দুল শুক্কুৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১২ লক্ষ্যাধিক হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ উল্লেখ্য যে, নিচাজাতীয় সামগ্ৰীখিনি AS 10B 1350 নম্বৰৰ এখন ৱেগনাৰ বাহনেৰে বদৰপুৰৰ পৰা কৰিমগঞ্জলৈ সৰবৰাহৰ বাবে নি থকা অৱস্থাত ভাংগাৰ নন্দপুৰত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : Psychotropic Drugs Seized : যোৰহাটত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ তিনিজনক আটক