কৰিমগঞ্জ, 27 ফেব্ৰুৱাৰী : কৰ'ণা মহামাৰীৰ ফলত স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ অনলাইন যোগে অনুষ্ঠিত কৰাৰ দাবীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে কৰিমগঞ্জ জিলাৰ নিলামবাজাৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে । পাঠদান বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে ৷
উল্লেখ্য যে, অফলাইন যোগে স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষয় ৷ এই সিদ্ধান্ত বিৰোধিতা কৰি অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী তুলি বিশ্ববিদ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থী সকলে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্তৰ বাতিল নকৰিলে আগন্তুক পৰীক্ষা বৰ্জন কৰাৰ হুংকাৰ দিয়ে শিক্ষাৰ্থীসকলে ।
লগতে পঢ়ক: অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ চেষ্টা চলাম : তেজস্বী যাদৱ