কৰিমগঞ্জ,18 ডিচেম্বৰ: ক্ৰমাৎ দুৰ্নীতিৰ ঘাটিলৈ পৰিণত হৈছে কৰিমগঞ্জৰ একাংশ গাঁও পঞ্চায়ত ৷ বিভিন্ন চৰকাৰী আঁচনিৰ নামত অবাধ হাৰত দুৰ্নীতি চলাই গৈছে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ সমান্তৰালকৈ,কৰিমগঞ্জৰ ৰাতাবাৰী পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শুকুৰবাৰে ৰাতাবাৰী পঞ্চায়তৰ অন্তৰ্ভত অঞ্চলৰ ৰাইজ একত্ৰিত হৈ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ৰাতাবাৰী গাঁও পঞ্চায়তৰ সভাপতি নুৰুল ইছলামৰ নেতৃত্বত বিভিন্ন আঁচনিৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । বিগত সময়ছোৱাত দুৰ্নীতিৰ বিষয়ে তথ্য সহকাৰে বিভাগীয় বিষয়াৰ ওচৰত দাঙি ধৰাৰ পিছতো আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ অৱশেষত ক্ষোভিত ৰাইজে এই দুৰ্নীতিৰ উচিত তদন্তৰ দাবীত শুকুৰবাৰে পুৱাৰে পৰা পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷
লগতে পঢ়ক-অসম কৃষি বিশ্ববিদ্যালয়ত সংযোজন এনচিচি