কৰিমগঞ্জ, 24 জুন : ৰাজ্যৰ প্ৰথম গৰাকী জনপ্ৰতিনিধি আক্ৰান্ত হৈছে COVID-19 ত ৷ তেওঁ হৈছে কৰিমগঞ্জৰ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল ৷ বর্তমান কৰিমগঞ্জৰ COVID চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে পাল ৷
কৃষ্ণেন্দু পাল COVID-19 ত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে তেওঁৰ সমষ্টিত দলীয় কৰ্মী আৰু সমৰ্থকৰ মাজত বৃদ্ধি পাইছে ব্যাপক উৎকন্ঠা ৷ সেয়েহে বিধায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰি সমষ্টিৰ ৰাইজে বিভিন্ন মন্দিৰ আৰু মছজিদত বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰিছে ৷
মঙলবাৰে সমষ্টিটোৰ বিভিন্ন মন্দিৰত বিধায়কৰ ঘনিষ্ঠ লোকে পূজা-পাৰ্বণ কৰা পৰিলক্ষিত হয় । ইয়াৰোপৰি, মহা মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰা হয় স্থানীয় মেদলি(সেপেনজুৰি)চাহ বাগিচাৰ শিব মন্দিৰত । এই যজ্ঞত উপস্থিত থাকে বিজেপি কৰ্মী তথা সমর্থকসকল ৷ বিধায়কগৰাকীৰ আৰোগ্য কামনাৰ লগতে সমগ্ৰ দেশৰ পৰা কৰ'ণাৰ বিনাশ কামনা কৰি প্ৰাৰ্থনা আগবঢ়োৱা হয় ৷
লগতে পঢ়ক : কৰিমগঞ্জৰ বদৰপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ