ETV Bharat / state

কৰিমগঞ্জত চালকসহ চুৰি লোহা ভৰ্তি ট্ৰাক জব্দ - karimganj news

কৰিমগঞ্জত চালকৰ সহযোগত ৰড চুৰিৰ ঘটনা ৷ শনিবাৰে সন্ধিয়াৰ ভাগত চালকসহ ট্ৰাক আৰু চুৰি ৰড জব্দ ৷ পাথৰকান্দি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পাছতে চালক সহ ট্ৰাক খন জব্দ ৷ জিলাখনত বহু সময়ত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷

police recoverd truck loaded with iron
কৰিমগঞ্জত চুৰি লোহা জব্দ
author img

By

Published : Jan 10, 2021, 3:49 PM IST

Updated : Jan 10, 2021, 4:02 PM IST

কৰিমগঞ্জ, 10 জানুৱাৰী : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত চালকৰ সহযোগত ৰড চুৰিৰ ঘটনা সংঘটিত হৈছে ৷ জিলা খনত বিভিন্ন সময়ত এনেদৰে চালকৰ সহযোগত লোহাৰ ৰড চুৰিৰ অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে এগৰাকী ৰডৰ দোকানীৰ এক গোচৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে শনিবাৰে সন্ধিয়াৰ ভাগত চালকসহ ট্ৰাক আৰু চুৰি ৰড জব্দ কৰে ৷

ৰডৰ দোকানীৰ গোচৰৰ ভিত্তিত চালকসহ ট্ৰাক আৰু চুৰি ৰড জব্দ

অভিযোগ অনুসৰি পাথাৰকান্দিৰ এগৰাকী ব্যৱসায়ী আব্দুল ৰকিবে গুৱাহাটীৰ পৰা প্ৰায় 20 লাখ টকা বজাৰ মূল্যৰ প্ৰায় 25 টন ৰড ক্ৰয় কৰে ৷ বিগত সাত তাৰিখে ৰড কঢ়িয়াই অনা ট্ৰাকখন পাথাৰকান্দিত আহি উপস্থিত হয় যদিও গাড়ী খনৰ চালক আজিজুৰ ৰহমান লস্কৰ আৰু সহ চালক গৰাকীয়ে ৰড ভৰ্তি গাড়ী খন লৈ সন্ধানহীন হৈ পৰে ৷

চালক সহ ৰড ভৰ্তি গাড়ীখন সন্ধানহীন হোৱাৰ পাছতে ৰডৰ দোকানী গৰাকীয়ে পাথৰকান্দি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ ৰডৰ দোকানৰ মালিকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি হাইলাকান্দিৰ পৰা চালকসহ ট্ৰাক খন জব্দ কৰে ৷

উল্লেখ্য যে, ট্ৰাকসহ চালকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণ ৰড খিনি উদ্ধাৰ কৰাত বিফল হয় ৷ জানিব পৰা মতে চুৰি হোৱা 25 টন ৰডৰ ভিতৰত আৰক্ষীয়ে হাইলাকান্দিৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 20 টন ৰড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

তদন্তকাৰী এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে অধিকাংশ ৰড আৰক্ষীয়ে হাইলাকান্দিৰ এগৰাকী প্ৰভাৱশালী ব্যৱসায়ী পাথৰ হিলালৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ৷ অৱশ্যে বৰ্তমানেও পলাতক পাথৰ হিলাল নামৰ অভিযুক্তজনক আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

জানিব পৰা মতে, চুৰিকাণ্ড 7 জানুৱাৰীত সংঘটিত হৈ যদিও ৰডৰ দোকানৰ গৰাকীজনে 8 জানুৱাৰীতহে গোচৰ ৰুজু কৰে আৰু সেই গোচৰৰ ভিত্তিতে শনিবাৰে নিশাৰ ভাগত আৰক্ষীয়ে চালক সহ ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে বিগত বহুদিন ধৰি কৰিমগঞ্জ জিলাত এনে ধৰণৰ ৰড চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে ৷ কোনো ঘটনাত ট্ৰাকৰ চালক জড়িত থাকিলেও কোনো ঘটনাত চালকক হত্যা কৰি গাড়ী হাইজেক কৰাৰ ঘটনা সংঘটিত হৈ আহিছে ৷

লগতে পঢ়ক:এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন: দুজনক আটক

Last Updated : Jan 10, 2021, 4:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.