ETV Bharat / state

ধুনীয়া ছোৱালী দেখি সহায় কৰিবলৈ যাওঁতে সাবধান হ'ব আপুনি !

author img

By

Published : Jan 1, 2021, 9:14 PM IST

কাৰোবাক সহায় কৰিবলৈ লওঁতে চিন্তা কৰক আপুনি ৷ কিয়নো কাৰোবাক সহায় কৰিবলৈ গৈ বিপদত পৰিব পাৰে আপুনি ৷ কৰিমগঞ্জত সংঘটিত হৈছে এনেকুৱা এক অনুৰূপ ঘটনা ৷

police-cought-highway-docait-in-karimganj
ধুনীয়া ছোৱালী দেখি সহায় কৰিবলৈ যাওঁতে সাবধান হ'ব আপুনি !

কৰিমগঞ্জ, 1 জানুৱাৰী : নিশা ৰাষ্ট্ৰীয় ঘাইপথত মহিলাই সহায় বিচাৰিলে আপুনি সাবধান হ'ব ৷ কিয়নো সহায় বিচৰা মহিলাজন আচল মহিলা নহ'বও পাৰে । মহিলাৰ ৰূপ ধাৰণ কৰি আপোনাৰ পৰা লুটি নিব পাৰে মূল্যবান সা-সামগ্ৰী । কিয়নো কৰিমগঞ্জত সংঘটিত হৈছে এনেকুৱা এক অনুৰূপ ঘটনা ৷

আৰক্ষী বিষয়াৰ মন্তব্য

জানিব পৰা মতে, পুৰুষে মহিলা-যুৱতীৰ ৰূপ ধাৰণ কৰি জিলাখনত দীৰ্ঘদিনৰ পৰাই ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিল ৷ আন দিনাৰ দৰে বৃহস্পতিবাৰে নিশাও জয়নুল হক আৰু আবিদুৰ ৰহমান নামৰ লোকদুজনে মহিলাৰ ৰূপ ধাৰণ কৰি চলন্ত গাড়ীত চিগনেল মাৰি ডকাইতিকাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাইছিল অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ কিন্তু আৰক্ষীৰ গাড়ীত চিগনেল মাৰি বিপদত পৰিল লোকদুজন ৷

লগতে পঢ়ক : মাঙ্গালোৰৰ সমুদ্ৰতীৰ পৰিষ্কাৰ কৰিলে এগৰাকী বিদেশী মহিলাই

উল্লেখ্য যে, কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত পাথাৰকান্দি আৰক্ষীৰ এটা দল মাজনিশা পেট্ৰলিং কৰি থাকোতে সহায় বিচাৰিছিল লোক দুজনে । পৰৱৰ্তী সময়ত আৰক্ষীৰ গাড়ীখন ৰখাই সহায় কৰিবলৈ সোধপোচ কৰাৰ অন্ততে পোহৰলৈ আহিল সকলো কথা ৷ তেনে সময়তে কম্বল পৰিধান কৰি নাৰীৰ ৰূপ ধাৰণ কৰা জয়নুল হক নামৰ লোকজনে কৰ্ত্যৰত আৰক্ষীৰ ওপৰত ডেগাৰ মাৰিবলৈ লওঁতে আৰক্ষীৰ লোকে কৌশলৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয় লোক দুজনক ৷

লগতে পঢ়ক : বাস্তৱসন্মত দৃষ্টিভংগীৰে নতুন বছৰত আগুৱাব অগপ: কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.